গোৱালপাৰাত শিল্পী সমাজৰ ব্যতিক্ৰমী প্ৰয়াস

 06/28/2022 - 17:27
 
 
 
নিউজ ডেস্কঃ বানে বিধ্বস্ত কৰা লোকক সাহায্য প্ৰদানৰ বাবে আগবাঢ়ি আহিছে গোৱালপাৰাৰ শিল্পী সমাজে৷ শিল্পীসকলৰ “প্ৰকৃতি” নামৰ অনুষ্ঠান এটাৰ উদ্যোগত গোৱালপাৰা শিল্পী সমাজে হাতে হাতে প্লেকাৰ্ড তথা গীটাৰ লৈ ভূপেন দাৰ “মানুহে মানুহৰ বাবে” শীৰ্ষক কালজয়ী গীত পৰিৱেশন কৰি চহৰৰ ভিন্ন প্ৰান্তত বানাক্ৰান্ত লোকৰ বাবে সংগ্ৰহ কৰিছে ধন৷ ব্যৱসায়ী   সকলৰ লগতে বিভিন্নজনে স্ব-ইচ্ছাই আগবঢ়াইছে ধন৷ আৰু শিল্পী সমাজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাইজৰ পৰা এনেদৰে সংগ্ৰহ কৰা ধনেৰে অসমৰ ভিন্ন প্ৰান্তৰ বৰ্নাত্যক সহায় কৰিব শিল্পী সমাজে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।