বিজনীত মন্ত্ৰী বিমল বৰা

 06/28/2022 - 18:02
 
বিজনীঃ আজি চিৰাং জিলাৰ বিজনীৰ ২ নং ফাগুনাগাঁৱস্থিত বান শিবিৰ আৰু খুজৰাপগুৰীৰ আই নৈৰ মথাউৰি পৰিদৰ্শন কৰে ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ মন্ত্ৰী বিমোল বৰা। মন্ত্ৰী গৰাকীয়ে শিবিৰত থকা বন্যাৰ্তৰ অভাৱ অভিযোগৰ খা খবৰ লোৱাৰ লগতে প্ৰায় বিশ দিন ধৰি ২ নং ফাগুনাগাঁও বৰ্মন পাৰাৰ ১২০ টাতকৈও অধিক পৰিয়াল শিবিৰত আৱদ্ধ হৈ থাকিবলগীয়া হোৱাত মন্ত্ৰী গৰাকীয়ে সমস্যা সমাধানৰ বাবে আজি চিৰাং জিলা উপায়ুক্তৰে হ'ব লগীয়া পৰ্যালোচনা সভাত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিব দিয়ে। মন্ত্ৰী গৰাকীয়ে মটৰ চাইকেলত উঠি ২ নং ফাগুনাগাঁও বৰ্মন পাৰা গাঁও পৰিদৰ্শন কৰে। পৰিভ্ৰমণ কালত বিজনীৰ বিধায়ক, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধিক্ষক, চক্ৰ বিষয়া উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।