নামনিৰ পিছত উজনিৰ বানৰ তাণ্ডৱ

 06/28/2022 - 18:29
 
 
নিউজ ডেস্কঃ নামনিৰ পিছত এইবাৰ উজনি৷ বাৰিষাৰ বানত ধ্বংসস্তুপত বিশ্বনাথ, লখিমপুৰ, ধেমাজিৰ একাংশ গাঁৱত৷ বুৰ গ’ল ছয়দুৱাৰ মহাবিদ্যালয়ৰ সম্পূৰ্ণ চৌহদ৷ অৰুণাচলৰ পাহাৰত হোৱা প্ৰৱল বৰষুণৰ ফলত শোলেঙী, চেঁচা আদি বিভিন্ন পাহাৰীয়া নদীৰ জলধাৰাই একপ্ৰকাৰে গ্ৰাস কৰিছে গোপালপুৰ, কলাবাৰী, ধলপুৰ, হাৱাজান, শিমলুগুৰি, ৰাজগঢ়, ৰঙতি , ভোলাবৰী অঞ্চলত গৃহহীন বহুপৰিয়াল৷ দলং কেইবাটাও পুল উটুৱাই লৈ গ’ল চেঁচা নদীৰ বাহনি পানীয়ে৷ গহপুৰ ব্যৱসায়ী কেন্দ্ৰটো ব্যাপক ৰূপ ধাৰণ কৰিছে চটলং নৈৰ জলধাৰাই৷প্ৰতিবছৰে পাহাৰীয়া নৈ কেইখনৰ পৰা অহা বাহনি পানীয়ে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰাৰ লগতে উত্তৰ অসমৰ অন্যতম শিক্ষানুষ্ঠান ছয়দুৱাৰ মহাবিদ্যালয় পাঠদানত ব্যাঘাত জন্মাই ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ঠ ক্ষতিসাধন কৰে৷ কিন্ত এই ক্ষেত্ৰত চৰকাৰী পক্ষক বিশেষ গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।