পুঠিমাৰী নৈৰ বগৰীবাৰীত ভগ্ন মথাউৰি পৰিদৰ্শন আছু-শিল্পী সমাজৰ, বিজ্ঞান সন্মতভাৱে মথাউৰি নিৰ্মাণৰ দাবী

 06/28/2022 - 20:44
 
 
 
 
ৰঙিয়াঃ ৰঙিয়া সমষ্টিৰ অধিনৰ পুঠিমাৰী নৈৰ বগৰীবাৰীৰ আজি ভঙা মথাউৰি পৰিদৰ্শন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে শিল্পী সমাজ, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক নাথৰ নেতৃত্বত যোৱা দলটোত সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা প্ৰকাশ ডেকা, কামৰূপ জিলা ছাত্র সন্থাৰ উপদেষ্টা হেমন্ত দাস উপস্থিত থাকে। ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ দলটোৰ লগত ৰঙিয়াৰ শিল্পী সমাজৰ প্ৰতিনিধি হিচাপে প্ৰাঞ্জল পৰশ, চন্দন দাস উপস্থিত থাকে। আছু আৰু শিল্পী সমাজৰ তৰফৰ পৰা আশ্ৰয় শিবিৰত থকা পৰিয়াল সমুহক খাদ্য সামগ্ৰী প্ৰদান কৰা হয়।
 
 
উল্লেখযোগ্য যে ৰঙিয়া সমষ্টিৰ অধিনৰ বগৰীবাৰীৰ তিনিঠাইত মথাউৰি চিঙাৰ ফলত ভয়ংকৰভাৱে বানে প্লাবিত কৰিছিল তামুলপুৰ জিলাৰ লগতে কামৰূপ জিলাৰ বিভিন্ন অঞ্চল। যাৰ ফলত দুয়োখন জিলাৰে প্ৰায় দহ হেজাৰ ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও বহু পৰিয়াল আশ্ৰয় শিবিৰত থাকিব লগা হৈছিল। বগৰীবাৰীৰ মথাউৰিৰ কাষত থকা ৭৫ টা পৰিয়ালৰ ব্যপক ক্ষতি হোৱাৰ উপৰিও ১৮ টাকৈ পৰিয়ালৰ ঘৰ সম্পুৰ্ণৰূপে নিঃচিহ্নিত হৈ পৰিছিল। বগৰীবাৰীৰ অঞ্চলৰ বহু পৰিয়াল বৰ্তমান মথাউৰিৰ নিৰাপদ স্থানত আশ্ৰয় শিবিৰত থাকিব লগা হৈছে। বগৰীবাৰীৰ ভগ্ন মথাউৰিটো বৈজ্ঞানিক পদ্ধতিৰে পুণৰ নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ লগত শিল্পী সমাজৰ প্ৰতিনিধি সকলে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।