ঢকুৱাখনাৰ ঘিলামৰাত ৰাজ্যিক ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী, যিকোনো মুহূৰ্তত সংযোগ বিচ্ছিন্ন হ'ব পাৰে পথচোৱা

 06/29/2022 - 14:38
 
 
 ঢকুৱাখনাঃ ঢকুৱাখনাৰ ঘিলামৰাত ৰাজ্যিক ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। যিকোনো মুহূৰ্তত সংযোগ বিচ্ছিন্ন হ'ব পাৰে পথচোৱা। নেৰানেপেৰা বৰষুণৰ ফলত জীয়াঢলৰ পানীৰে ঘিলামৰা চামপৰা নৈৰ লগ হৈ ঘিলামৰাৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন কৰি তোলাৰ লগতে গোগামুখ-ঘিলামৰা সংযোগী ৰাজ্যিক ঘাইপথৰ চামপৰা দলঙৰ সমীপত পথৰ ওপৰেৰে বাঢ়নী পানী বাগৰি থকাৰ ফলত যানবাহন তথা সৰ্বসাধাৰণ ৰাইজে যাতায়ত কৰাত সমস্যাৰ সৃষ্টি হৈছে। ৰাজ্যিক পথচোৱাৰ দুটা অংশত পানী বাগৰি থকাৰ পিচতো লোকনিৰ্মাণ বিভাগে পথৰ খহনীয়া প্ৰতিৰোধৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। 
     
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।