নলবাৰীৰ বান বিধ্বস্ত পূৰ্নদৈচপৰাত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লছা

 06/29/2022 - 20:27
 
 
বাহাৰঘাটঃ ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে নলবাৰী জিলাকো বানে বিভিন্ন দিশত বিস্তৰ ক্ষতি সাধন কৰিছে। বানপীড়িত ৰাইজৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জিলাখনত বানে কৰা ক্ষয়-ক্ষতিৰ পৰ্য্যালোচনা কৰি এক সঠিত চিত্ৰ চৰকাৰৰ সন্মুখত দাঙি ধৰাৰ উদ্দেশ্যেৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আজি নলবাৰী জিলাৰ পূৰ্নদৈচপৰাত উপস্থিত হয় অসম চৰকাৰৰ শক্তি আৰু অন্যান্য বিভাগৰ নৱনিযুক্ত মন্ত্ৰী নন্দিতা গাৰ্লছা।
 
মন্ত্ৰী গৰাকীয়ে জিলাখনত উপস্থিত হৈ পোন প্ৰথমে নলবাৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত গীতিমনি ফুকন আৰু অন্যান্য জ্যেষ্ঠ প্ৰশাসনীয় বিষয়াৰ উপস্থিতিত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, খণ্ড উন্নয়ন বিষয়া তথা আন সংশ্লীষ্ট বিষয়াৰে সৈতে এখন বাণ পৰ্য্যালোচনা সভা সম্বোধন কৰে। এই পৰ্য্যালোচনা সভাখনৰ জৰিয়তে মন্ত্ৰী গৰাকীয়ে জিলাখনৰ বাণৰ পৰৱৰ্তী সময়ছোৱাৰ স্থিতি সম্পৰ্কে এক স্পষ্ট ছৱি আয়ত্ত কৰাৰ চেষ্টা কৰে। তেখেতে পশুপালন ও পশু চিকিৎসা, জলসম্পদ, মীন, কৃষি, জনস্বাস্থ্য ও কাৰিকৰী, শক্তি, শিক্ষা ইত্যাদি বিভাগ সমূহৰ অধীনত বৰ্তমানলৈ চলোৱা সমীক্ষা অনুসৰি কিমান ক্ষয়-ক্ষতি হৈছে সেয়া জানিবলৈ চেষ্টা কৰাৰ লগতে সমূহ বিভাগক আগুন্তক ১০ দিনমানৰ ভিতৰত নিজৰ নিজৰ বিভাগীয় ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য সংশ্লীষ্ট বিভাগৰ হাতত জমা দিয়াৰ বাবে নিৰ্দেশ দিয়ে।
 
তেওঁ সকলোকে ক্ষয়-ক্ষতিৰ তালিকা প্ৰস্তুত কৰোঁতে প্ৰকৃত হিতাধিকাৰীয়ে যাতে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত নহয় তথা তালিকভুক্ত হ'বলগীয়া ক্ষয়-ক্ষতি সম্বন্ধীয় গুৰুত্বপূৰ্ণ বিষয় যাতে বাদ পৰি নাযায় সেই কথাও দোহাৰে। বৰ্তমানে নলবাৰী জিলাত কেৱল ৭টা আশ্ৰয় শিবিৰ সক্ৰিয় হৈ আছে আৰু এই শিবিৰ সমূহত প্ৰায় মুঠ ১৫০০ বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰি আছে। এই আশ্ৰয় শিবিৰ সমূহত সঠিক ৰূপত সাহাৰ্য্য সামগ্ৰী যোগান ধৰি থকা হৈছে নাই সেই সম্বন্ধেও মন্ত্ৰী গৰাকীয়ে জানিবলৈ চেষ্টা কৰে আৰু সাহাৰ্য্য যোগানত যাতে কোনো ধৰণৰ নিয়মে স্থান নাপায় সেই কথাও সঁকিয়াই দিয়ে। মন্ত্ৰী নন্দিতা গাৰ্লছা নলবাৰীলৈ তিনিদিনৰ কাৰ্যসূচীৰে আহিছে আৰু এই সময়ছোৱাত তেখেতে নলবাৰী জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন বিষয় বিতংভাৱে স্ব-চক্ষুক পৰ্য্যালোচনা কৰে। জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষৰ বান পৰ্য্যালোচনা সভাখনৰ পাছতেই মন্ত্ৰী গৰাকীয়ে বৰভাগ ৰাজহ চক্ৰৰ অন্তর্গত বানৰ কৱলত পৰা অঞ্চল সমূহ পৰিদৰ্শন কৰি বন্যাৰ্তৰ সৈতে মত বিনিময়েৰে তেওঁলোকৰ অৱস্থাৰ বুজ লয় আৰু চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰিবলগীয়া সকলো প্ৰয়োজনীয় ব্যস্থাপনাৰ আশ্বাস প্ৰদান কৰে।
শক্তি মন্ত্ৰী গৰাকীৰ  বানস্থিতি পৰিদর্শনৰ কালছোৱাত তেখেতৰ লগত জিলা উপায়ুক্ত গীতিমনি ফুকন জিলা বিজেপিৰ সভাপতি ডা°মৃগাংক তালুকদাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ লগতে বিভাগীয় মুৰব্বী বিষয়া ও কৰ্মচাৰীসকল উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।