06/30/2022 - 14:16
in
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ত ৬৭ গৰাকী দিব্যাংগ লোকক উত্তম প্ৰকাৰৰ হুইল চেয়াৰ, বেটাৰী চালিত ট্ৰাই চাইকেল আৰু ষ্টিক বিতৰণৰ এটি অনুষ্ঠান মুকলি কৰে বিধায়ক পদ্ম হাজৰিকাই৷ ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ আঁচনিৰ অধিনত আৰু দিব্যাংগসকলৰ বাবে সহযোগীতা আগবঢ়াই অহা ADIP আৰু ALIMCO ৰ সহযোগত অনুষ্ঠিত দিব্যাংগসকলক এই সামগ্ৰীসমুহ বিতৰণ অনুষ্ঠানটিত প্ৰকল্প বিষয়া কাৰ্যালয়টোৰ অধিনস্থ ৬৭ গৰাকী দিব্যাংগ লোকৰ ভিতৰত ৩৩ গৰাকীক হুইল চেয়াৰ,৯ গৰাকী দিব্যাংগ লোকক বেটাৰী চালিত ট্ৰাই চাইকেল আৰু ২৫ গৰাকী দিব্যাংগক ষ্টিক বিতৰণ কৰা হয়৷সামগ্ৰী সমুহ লাভ কৰা প্ৰতিগৰাকী দিব্যাংগ লোকেই দৈনন্দিন জীৱন যাপনৰ পথত এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰি জীৱনটো সুচাৰুৰূপে চলাই নিয়াৰ বাবেও আশা ব্যক্ত কৰে বিধায়ক পদ্ম হাজৰিকাৰ লগতে প্ৰকল্প বিষয়াগৰাকীয়ে৷