06/30/2022 - 14:46
in
নিউজ ডেস্কঃ আজিৰ পৰা আৰম্ভ অমৰনাথ যাত্ৰা। প্ৰায় ৩ বছৰৰ অন্তত এইবাৰ হৈছে অমৰনাথ যাত্ৰা। উপায়ুক্ত পীযুষ সিংগলাই অনন্তনাগ জিলাৰ পহলাগামৰ পৰা সেউজীয়া পতাকা দেখুৱাই এই যাত্ৰীসকলৰ যাত্ৰা আৰম্ভ কৰায়। ননুবান আধাৰ শিবিৰৰ পৰা ২,৭৫০ তীৰ্থযাত্ৰীয়ে দক্ষিণ কাশ্মীৰ হিমালয়স্থিত অমৰনাথৰ বাবে ৰাওনা হৈছে। তেওঁ কয় যে ৪৩ দিনীয়া অমৰনাথ যাত্ৰাৰ সুকলমে পাৰ কৰাবলৈ সকলোধৰণৰ ব্যৱস্থায়েই কৰা হৈছে। আমি নিশ্চিত কৰিছো যে তীৰ্থযাত্ৰী সকলে সুৰক্ষিত অনুভৱ কৰক আৰু সকলো শান্তি পূৰ্ণভাৱে হৈ যাওক। আশা কৰো তীৰ্থযাত্ৰী সকলে পৱিত্ৰ গুহাত থকা শিৱলিংগৰ দৰ্শন শান্তিপূৰ্ণভাৱেই কৰক।