প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ সংবাদ মেল, কংগ্ৰেছক নাৱিক বিহীন জাহাজ আখ্যা

 06/30/2022 - 17:39
 
 
গৌৰীপুৰঃ প্ৰাক্তন মন্ত্ৰী মহিবুল হকে তেওঁৰ গৌৰীপুৰৰ মাটিয়াবাগস্থিত বাসগৃহত আজি এখন সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছৰ বিৰুদ্ধে বহুকেইটা বিষ্ফোৰক মন্তব্য কৰে। সংবাদ মেলত, কংগ্ৰেছ দলক এখন নাৱিক বিহীন জাহাজ বুলি আখ্যা দিয়ে প্ৰাক্তন মন্ত্ৰী মহিবুল হকে। আনহাতে কংগ্ৰেছ দলত আছে লোভি কেন্দ্ৰীক গোট। এনেদৰে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি নেতা গৰাকীয়ে কয়-কংগ্ৰেছত আছে টিকট বেচা কিনা কৰাৰ পৰম্পৰা।
 
 
সেইবাবেই কংগ্ৰেছ দল তেওঁ ত্যাগ কৰি ইতিমধ্যে অসম গণ পৰিষদ দলত যোগদান কৰাৰ কথা সদৰী কৰে। প্ৰায় এটা বছৰ গৱেষনা কৰাৰ অন্তত অসম গণ পৰিষদ দলৰ সংবিধান ভাল পাই দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে বুলি মহিবুল হকে সংবাদমেলত মন্তব্য কৰে। আগন্তুক ২০২৪ ৰ লোক সভা নিৰ্বাচনত দলে তেওঁক ধুবুৰী সংসদীয় সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিলে তেওঁ আজমলৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুত বুলি মন্তব্য প্ৰকাশ কৰে। আৰু কি কলে প্ৰাক্তন মন্ত্ৰী মহিবুল হকে সেই মন্তব্য খিনি শুনাই লৈছোঁ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।