চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উদ্যোগত আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাৰ কৃতী শিক্ষাৰ্থীলৈ অভিনন্দন জ্ঞাপন

 06/30/2022 - 19:48
 
 
 
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ অন্যতম শিক্ষানুষ্ঠান দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হোলাকান চিনিয়ৰ ছেকেণ্ডেৰীত আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উদ্যোগত কৃতী শিক্ষাৰ্থীসকলক উষ্ম অভিনন্দন জ্ঞাপন কৰা হয়। দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হোলাকান চিনিয়ৰ ছেকেণ্ডেৰিত সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীসকলক আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অভিনন্দন পত্ৰ প্ৰদান কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই।
 
 
ইটাখোলা অঞ্চলৰ দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ২৩ গৰাকী আৰু হোলাকান চিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সাতগৰাকিকৈ শিক্ষাৰ্থীক চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাৰ লগতে সমুহ সদস্যবৃন্দই ফুলাম গামোছা, একোটাকৈ কলম আৰু বিধায়ক পদ্ম হাজৰিকাৰ দ্বাৰা প্ৰেৰিত অভিনন্দন পত্ৰ প্ৰদান কৰি উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।