ৰঙিয়াত সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ সাতদিনীয়া অভিনয় কৰ্মশালা

 07/01/2022 - 15:15

ৰঙিয়াঃ অভিনয় পিপাসু প্ৰতিভাৱান সকলক অভিনয়ৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণ উদ্দেশ্যে ৰঙিয়াৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনে অহা ৫ জুলাই ২০২২ ৰ পৰা ১১জুলাইলৈ সাতদিনৰ বাবে এটি গ্ৰীশ্মকালিন বিশেষ অভিনয় কৰ্মশালাৰ আয়োজন কৰিছে অসমৰ।

 

চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী কাশ্মীৰী শইকীয়া বৰুৱাই প্ৰথম দিনৰ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিব। অন্যান্য মুখ্য প্ৰশিক্ষক হিচাপে অংশ ল'ব পৰিচালক অভিনেতা পঙ্কজ পল্লৱ শৰ্মা, প্ৰদীপ শৰ্মা, সঞ্জীৱ কুমাৰ ভাগৱতী আৰু প্ৰদীপ কলিতাই। কৰ্মশালাত বয়সৰ কোনো বান্ধোন নাই। প্ৰশিক্ষাৰ্থীসকলক যোগদানৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। শ্ৰেষ্ঠ তিনিজনক নিৰ্মীয়মান ছৱিত অভিনয়ৰ সূযোগ প্ৰদান কৰাৰ লগতে যোগ্যজনক ধাৰাবাহিক আৰু চুটিছৱি আদিত অভিনয়ৰ সুযোগ দিয়া হ'ব।

 

প্ৰসঙ্গক্ৰমে সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত '"অক্টোপাছ"' এ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে। ইচ্ছুক সকলে ৬০০১০৩৬৫০৪ বা ৭৫৭৬৮০৩১৪৫ ৰ লগত যোগাযোগ কৰিব পাৰে। উল্লেখযোগ্য যে ক'ভিড মহামাৰীৰ সময়ত সাধাৰণ জনাত সজাগ কৰিবলৈ সঙ্গীত গ্ৰুপ ক্ৰিয়েচনে "কৰ'ণা', "অদৃশ্যঘাটক" আদি চুটি ছবি নিৰ্মাণ কৰিছিল।ড্ৰাগছৰ বাবে বিৰুদ্ধে বিশিষ্ট সমাজকৰ্মী নিপন ভুঞাৰ প্ৰযোজনাত নিৰ্মাণ কৰিছিল ৱেব চিৰিজ " দি চাইলেন্ট। কীলাৰ"। এই অভিনয় কৰ্মশালাৰ পিছতেই নিৰ্মাণ কৰা হ'ব এখন বীগ বাজেটৰ চুটি ছৱি যত মূখ্য চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অসমীয়া বোলছৱি "পুতলা ঘৰ" খ্যাত জনপ্ৰিয় অভিনেত্ৰী কাশ্মীৰী শইকীয়া বৰুৱাই। প্ৰদীপ কলিতাই ৰচনা কৰা কাহিনী টি পৰিচালনা কৰিব পঙ্কজ পল্লৱ শৰ্মাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।