কমলপুৰ সমষ্টিৰ বানাক্ৰান্তৰ মাজত প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা

 07/01/2022 - 15:51
 
 
 
বাইহাটা চাৰিআলিঃ বানে বিধ্বস্ত কৰি যোৱা কমলপুৰ সমষ্টিৰ বানাক্ৰান্তৰ মাজত প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা। বানপানীৰ পিচত বানাক্ৰান্ত সকলৰ হ’ব পৰা বেমাৰ আজাৰ প্ৰতিৰোধৰ বাবে সমষ্টিটোৰ ভিন্ন স্থানত অনুষ্ঠিত কৰিছে স্বাস্থ্য শিবিৰৰ লগতে সজাগতা।
 
সমষ্টিটোৰ অন্তৰ্গত কলাজলত অনুষ্ঠিত স্বাস্থ্য শিবিৰত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুই শতাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰোৱাই। গুৱাহাটীৰ মাৰোৱাৰি হাস্পতালৰ সহযোগত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত স্বাস্থ্য পৰীক্ষা কৰিৱাৰ লগতে বিনামুলীয়াকৈ ঔষধো বিতৰণ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।