‘উদয়পুৰ কাণ্ড’ৰ বাবেও নূপুৰ শৰ্মাই জগৰীয়া, আৰু কি ক’লে উচ্চতম ন্যায়ালয়ে?

 07/01/2022 - 16:18

নিউজ ডেস্কঃ নূপুৰ শৰ্মাৰ বাবেই এতিয়া জুই জ্বলিছে দেশত৷ নূপৰ শৰ্মাৰ বাবেই হৈছে অবাৰিত ৰক্তপাত৷ নূপুৰ শৰ্মা হৈ পৰিছে দেশৰ বাবে ভাবুকিস্বৰূপ৷ কাৰ্যতঃ এই মন্তব্যকে কৰিলে উচ্চতম ন্যায়ালয়ে৷ শেহতীয়াকৈ দেশত তোলপাৰ লগোৱা উদয়পুৰ হত্যাকাণ্ডক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে সৰ্বোচ্চ ন্যায়ালয়ৰ এই মন্তব্য অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷

তীব্ৰ প্ৰৰোচনামূলকভাৱে কৰা এটা মন্তব্য আছিল সেয়া৷ এটা টিভি বিতৰ্কত বিজেপিৰ মুখপাত্ৰ নূপুৰ শর্মাই কৰা মন্তব্যৰ পাছতে দেশে-বিদেশে উঠিছিল তীব্ৰ ধিক্কাৰ ধ্বনি৷ হজৰত মহম্মদ সম্পৰ্কত অতি আপত্তিজনক মন্তব্য কৰা নূপুৰ শৰ্মাৰ মন্তব্যই কেৱল দেশতে নহয় দেশৰ বাহিৰতো একপ্ৰকাৰ তুলিছিল আলোড়ন৷ মধ্যপ্ৰাচ্যৰ ভালেমান ইছলামধৰ্মী দেশে একপ্ৰকাৰ জবাবদিহি কৰিছিল ভাৰতক৷ সেই পৰিস্থিতিৰ পৰা ভাৰত এতিয়া ওলাই আহিবলৈ সক্ষম হৈছে যদিও এতিয়া নূপুৰ শৰ্মাই কৰা মন্তব্যৰ পাৰ্শ্বক্ৰিয়া অব্যাহত আছে৷ প্ৰথমে দেশৰ একাধিক ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষ৷ তাৰ পাছতে দেশজুৰি সন্মিলিতভাৱে ইছলামধৰ্মী লোকৰ প্ৰতিবাদ৷ বুলডজাৰ ৰাজ৷ নানা ঘটনা পৰিঘটনাৰ মাজেৰে নূপুৰ শৰ্মা বিতৰ্কৰ প্ৰতিক্ৰিয়া এতিয়া দেখি থাকিবলৈ পোৱা গৈছে৷ কিন্তু তাতেই সকলো শেষ হোৱা নাই৷ ঘৃণাৰ উত্তৰ ঘৃণাৰে দিবলৈ যোৱাৰ এক নিদাৰুণ ঘটনাৰ নিদৰ্শণ দেখিবলৈ পোৱা গ’ল৷ উদয়পুৰত সংঘটিত হ’ল এই নৃশংস ঘটনা৷ নূপুৰ শৰ্মাৰ মন্তব্যক সমৰ্থন কৰাৰ অভিযোগত এইবাৰ এজন দৰ্জীক অতি নৃশংসভাৱে হত্যা কৰিলে দুজন ইছলামধৰ্মী দুষ্কৃতিকাৰীয়ে৷ এই আক্ৰমণ কিমান নৃশংস আৰু কিমান ঘৃণাভৰা আছিল সেইকথাৰ প্ৰমাণ পোৱা যায় নিৰীহ লোকজনৰ ওপৰত ২৬ বাৰকৈ ছুৰীকাঘাত কৰা কাৰ্যৰ পৰাই৷ অৰ্থাত ঘৃণাৰ এটা অপ্ৰতিৰোধ্য সুঁতি এতিয়া বৈ গৈছে দেশজুৰি৷ ইটো সম্প্ৰদায়ৰ প্ৰতি সিটো সম্প্ৰদায়ৰ ঘৃণাৰ এই অতি উদ্বেগজনক পৰম্পৰা কোন আৰম্ভ কৰিলে, ই এক আকস্মিক পৰিঘটনা নে ইয়াৰ আঁৰত এক পূৰ্বপৰিকল্পিত আৰু দীৰ্ঘকালীন ৰাজনৈতিক উদ্দেশ্য পূৰণৰ ষড়যন্ত্ৰ নিহিত হৈ আছে সেয়া এক ভাবিবলগীয়া হৈ পৰিছে৷ কিন্তু এই কথাৰ এটা উত্তৰ এতিয়া দিছে উচ্চতম ন্যায়ালয়ে৷

উদয়পুৰৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাৰ বাবে উচ্চতম ন্যায়ালয়ে জগৰীয়া কৰিছে নূপুৰ শৰ্মাক৷ ন্যায়ালয়ে এই বিষয়টো সন্দৰ্ভত গ্ৰহণ কৰা এখন শুনানিত নূপুৰ শৰ্মাক সমগ্ৰ পৰিস্থিতিৰ বাবে জগৰীয়া কৰিছে আৰু নূপুৰ শৰ্মাই সমগ্ৰ দেশৰ ওচৰত ক্ষমা খোজা উচিত বুলি মন্তব্য কৰিছে৷ ন্যায়ালয়ে কৰা মন্তব্য অতি তাতপৰ্যপূৰ্ণ৷ ন্যায়ালয়ে কৈছে যে, যিধৰণে তেওঁ সমগ্ৰ দেশৰ আৱেগক উত্তেজিত কৰি তুলিছ এই মহিলাগৰাকীয়েই দেশত এতিয়া ঘটি থকা সমগ্ৰ ঘটনাৰ বাবে দায়ী৷ এগৰাকী অধিবক্তা হৈ তেওঁ যি ভাষাত, যি সুৰত কথা কৈছে সেয়া অতি লজ্জাজনক বুলি ন্যায়ালয়ে মন্তব্য কৰে আৰু তেওঁক জগৰীয়া কৰি কেইবাটাও বিশেষ যুক্তি প্ৰদৰ্শন কৰে৷ সমগ্ৰ বিষয়টো সম্পৰ্কত দিল্লী আৰক্ষীৰ ভূমিকাকো সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে৷

উল্লেখ্য যে, হজৰত মহম্মদ বিতৰ্কৰ পাছতে বিজেপিয়ে নূপুৰ শৰ্মা আৰু দিল্লী বিজেপিৰ মিডিয়া কোষৰ মুৰব্বী নবীন জিন্দালক দলৰ পৰা আঁতৰ কৰিছিল৷ কিন্তু এই দুগৰাকী লোকে দেশৰ সামাজিক ৰাজনৈতিক পৰিস্থিতিত যি এক ভয়ংকৰ অধ্যায়ৰ সূচনা কৰিলে তাৰ প্ৰভাৱ এতিয়া সুদূৰপ্ৰসাৰী হৈ পৰাটো নিশ্চিত হৈ পৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।