অটোচালকৰ পৰা মুখ্যমন্ত্ৰীৰ আসনলৈ... একনাথ সিন্দেৰ ব্যতিক্ৰমী জীৱন পৰিক্ৰমা

 07/01/2022 - 18:16

ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে একনাথ সিন্দে। মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভাৱনীয় পৰিৱৰ্তন আৰু সেই পৰিৱৰ্তন মূল সূত্ৰধাৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিততে একনাথ সিন্দে এতিয়া চৰ্চাৰ বিষয়। অৱশ্যে কিছুকাল আগলৈকে তেওঁ এনে চৰ্চাৰ হৈ পৰা নাছিল। দেশৰ ৰাজনীতিত তেওঁ তেনে গুৰুত্বপূৰ্ণ নাম হিচাপে বিবেচিত হোৱা নাছিল। কিন্তু এতিয়া তেওঁ যেন মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ 'অনাথৰ নাথ’ত পৰিণত হৈছে। উদ্ধৱ থাকৰেক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আঁতৰিবলৈ বাধ্য কৰাই নহয় বৰং দেবেন্দ্ৰ ফাড়নবিছকো মুখ্যমন্ত্ৰীৰ দৌৰৰ পৰা আঁতৰাই ৰাখিবলৈ সক্ষম হোৱাটো অসাধ্য সাধন বুলিয়েই ধাৰণা কৰা হৈছে।

কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ যাত্ৰাটোতেই নহয়, একনাথ সিন্দেই অসাধ্য সাধন কৰিবলগীয়া হৈছিল তেওঁৰ জীৱন পৰিক্ৰমাতো। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা একনাথে আনকি মুম্বাইৰ থানে এলেকাত অটোৰিক্সা চলাই জীৱন ধাৰণ কৰিবলগীয়া হৈছিল। তেওঁৰ এই জীৱন পৰিক্ৰমাও এতিয়া ব্যাপক চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। ১৯৬৪ চনৰ ৯ ফেব্ৰুৱাৰীত তেওঁৰ জন্ম হৈছিল। মহাৰাষ্ট্ৰ ছাতাৰাত জন্মগ্ৰহণ কৰা সিন্দেক দৰিদ্ৰতাই খেদিছিল শৈশৱৰে পৰাই। অৱশেষত তেওঁ অটোৰিক্সা চলাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল। ১৯৮০ চনত ৰাজনৈতিক জীৱনত ভৰি থোৱাৰ পূৰ্বে তেওঁ এনে এক জটিল পৰিক্ৰমাৰ মাজেৰে আগুৱাবলগীয়া হৈছিল। ১৯৮০ চনত এগৰাকী শ্ৰমিক নেতা হিচাপে তেওঁৰ আত্মপ্ৰকাশ ঘটে আৰু তেওঁ শিৱ সেনাৰ নজৰলৈ আহে। 

শিৱ সেনাৰ নেতা আনন্দ চিন্তামণি দীঘেৰ মনযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ পাছত সিন্দেক শিৱসেনাৰ থানেৰ শাখা প্ৰমুখ নিযুক্তি দিয়া হয়। থানে মিউনিচিপাল কৰ্পোৰেচনত কিছুকাল দায়িত্ব পালন কৰি থকাৰ পাছত তেওঁ ২০০৪ চনত বিধানসভাত ভৰি থয়। সেই সময়তে তেওঁক শিৱ সেনাৰ থানে জিলাৰ মুৰব্বীৰ দায়িত্বও দিয়া হয়। উল্লেখ্য যে, তেওঁ ২০০৪ চনৰ পৰা চাৰিটা ধাৰাবাহিক কাৰ্যকালৰ বাবে নিযুক্ত বিধায়ক নিৰ্বাচিত হৈছিল।

দেবেন্দ্ৰ ফাড়নবিছ নেতৃত্বৰ চৰকাৰত ২০১৪-১৯চনত তেওঁ মন্ত্ৰীৰ দায়িত্বত আছিল। একেদৰে ২০১৯ চনত তেওঁক শিৱসেনাৰ বিধায়ক দলৰ নেতা নিযুক্তি দিয়া হৈছিল। কেৱল এয়াই নহয় শিৱ সেনা নেতৃত্বৰ ত্ৰিদলীয় মহা বিকাশ আঘাড়ী চৰকাৰতো তেওঁ কেবিনেট মন্ত্ৰীৰূপে শপত লৈছিল। মহা বিকাশ আঘাড়ী চৰকাৰৰ নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে আনকি মহাৰাষ্ট্ৰ-কৰ্ণাটক সীমা বিবাদৰ সময়ত কৰা প্ৰতিবাদৰ সময়ত গ্ৰেপ্তাৰ হৈ ৪০ দিন কাৰাগাৰতো থাকিবলগীয়া হৈছিল। 

সিন্দে সম্পৰ্কে থকা আন এটা গুৰুত্বপূৰ্ণ তথ্য হৈছে যে, তেওঁ ১৯৮৯ চনত হোৱা মুম্বাই সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত নিজে গাড়ী চলাই এগৰাকী মাতৃ আৰু তেওঁৰ সন্তানক হাস্পতাললৈ লৈ গৈ তেওঁলোকৰ জীৱন ৰক্ষা কৰিছিল। মুখ্যমন্ত্ৰীকেন্দ্ৰিক যুঁজখনৰ মাজতে এতিয়া সিন্দে স্ম্পৰ্কত এনেবোৰ চৰ্চা চলিবলৈ আৰম্ভ কৰিছে আৰু তেওঁ দেশৰ ৰাজনীতিত সকলৰো আগ্ৰহৰ উতস হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।