ডুমডুমাত জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উৎসৱ

 07/01/2022 - 19:55
 
 
 
ডুমডুমাঃ সমগ্ৰ বিশ্বতে আজি জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উৎসৱ পালিত হৈ আছে| ডুমডুমাৰ ৮ নং চুক্ৰেটিং স্থিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰতো আজি মহাপ্ৰভুৰ পূজা-অৰ্চনাৰ পিচত আবেলি ডুমডুমা নগৰলৈ মহাপ্ৰভুৰ ৰথযাত্ৰা ওলোৱা হয়| আটক ধুনীয়াকৈ সজায়-পৰাই ওলোৱা মহাপ্ৰভুৰ ৰথযাত্ৰাত সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ অংশগ্ৰহণ কৰে|
 
 
প্ৰতি বছৰে পালন কৰি অহা এই আধ্যাত্মিক উৎসৱটিত ডুমডুমাৰ সকলো জাতি, বৰ্ণ, ধৰ্ম, বৰ্ণৰ লোকে অংশগ্ৰহণ কৰা দেখা যায়| সদৌ অসম উড়িয়া মহাসভাৰ নেতা তুলসী দাস সোনাই পৱিত্ৰ ৰথযাত্ৰা উপলক্ষে সকলো ৰাইজক অভিনন্দন জনোৱাৰ লগতে সমাজ, জাতি, দেশৰ মংগল কামনা কৰি মহাপ্ৰভুক প্ৰাৰ্থনা জনাই| সদৌ অসম উড়িয়া যুৱ পৰিষদৰ উপ সভাপতি ৰূপেশ তাঁতীয়ে মহাপ্ৰভুৰ ৰথযাত্ৰা়ত সকলো জাতি, বৰ্নক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই| 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।