পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ

 07/01/2022 - 20:27
 
 
বাহাৰঘাটঃ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ উদ্যোগত পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী গোটৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় উক্ত চিকিৎসা শিবিৰ৷ ওঠৰ গৰাকী অভিজ্ঞ চিকিৎসক আৰু কেইবাজনো স্বাস্থ্য কৰ্মীয়ে সেৱা আগবঢ়াই চিকিৎসা শিবিৰত৷ দিনৰ ১১ বজাৰ পৰা আবেলি চাৰি বজালৈ প্ৰায় তিনি শতাধিক বিভিন্ন ৰোগীক নিদান পত্ৰৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰে৷ শিবিৰত বহুজনৰ ব্লাড পেচাৰ আৰু চুগাৰ পৰীক্ষা কৰি উপযুক্ত পৰিমাণৰ ঔষধ দিয়াৰ লগতে পৰামৰ্শ প্ৰদান কৰে৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।