নিউজ ডেস্কঃ ফেক্ট চেক ৱেবছাইট 'অল্ট নিউজ’ৰ সহ-প্ৰতিষ্ঠাতা মহম্মদ জুবেইৰৰ বিৰুদ্ধে আন এটা নতুন গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে। ২০১৮ চনত তেওঁ এটা আপত্তিজনক টুইট কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহম্মদ জুবেইৰক। আৰক্ষীয়ে এতিয়া তেওঁৰ ওপৰত নতুন গোচৰ জাপি দিছে আৰু অপৰাধিক ষড়যন্ত্ৰ তথা প্ৰমাণ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।
দিল্লী আৰক্ষীয়ে জুবেইৰক পাটিয়ালা হাউছ আদালতত হাজিৰ কৰোঁৱাৰ সময়ত এই তথ্য সদৰি কৰা হয়। ভাৰতীয় দণ্ডবিধিৰ ৩৫ নং ধাৰা আৰু এফচিআআৰএ বা ফৰেইন কণ্ট্ৰিবিউচন এক্টৰ অধীনতো তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল৷ দিল্লী আৰক্ষীয়ে পাটিয়ালা হাউছ আদালতক জনোৱা অনুসৰি ‘৩৫ নং ধাৰা আৰু এফচিআৰৰ লগতে অপৰাধিক ষড়যন্ত্ৰ আৰু তথ্য-প্ৰমাণ নষ্ট কৰাৰ অভিযোগো জুবেইৰৰ বিৰুদ্ধে উত্থাপন কৰা হৈছে৷
ইফালে, তেওঁৰ বিৰুদ্ধে ইডিয়ে ধনৰ অবৈধ সৰবৰাহৰ গোচৰ চলোৱাৰো সম্ভাৱনা আছে৷ ইফালে, দিল্লী আৰক্ষীয়ে মহম্মদ জুবেইৰৰ ১৪ দিনৰ ন্যায়িক জিম্মা বিচাৰিছে৷ ইফালে, অল্ট নিউজৰ সাংবাদিকগৰাকীৰ অধিবক্তাই আদালতত তেওঁৰ জামিনৰ আবেদন দাখিল কৰিছে৷