নিউজ ডেস্কঃ বিজেপিৰ সৈতে সম্পৰ্ক আছে নেকি উদয়পুৰ হত্যাকাণ্ডৰ অভিযু্ক্তৰ। নূপুৰ শর্মাৰ মন্তব্যকেন্দ্ৰিক বিতৰ্কৰ এক অভাৱনীয় পৰিণতিৰ স্বাক্ষৰ হৈ পৰা উদয়পুৰ হত্যাকাণ্ডৰ ঘটনাই যিমান ব্যাপক চৰ্চা লাভ কৰিছে ঠিক একেদৰে এই হত্যাকাণ্ড সংঘটিত কৰা এজন হত্যাকাৰী বিজেপিৰ সদস্য বুলি উঠা অভিযোগেও সমানে চাঞ্চল্যৰ সৃষ্টি কৰিছে। সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰি উদ্ধৃত কৰি কংগ্ৰেছে উত্থাপন কৰা অভিযোগৰ পাছতে ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।
এই অভিযোগৰ পাছতে বিজেপিয়ে এই সন্দৰ্ভত মুখ খুলিবলৈ বাধ্য হৈ পৰিছে। ৰাজস্থান বিজেপিৰ সংখ্যালঘু কোষৰ মুৰব্বী এই সম্পৰ্কীয় অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ কয় যে, কোনো এজন অভিযুক্তৰ সৈতেই আমাৰ সম্পৰ্ক নাই। তেওঁ এই হত্যাকাণ্ডৰ বাবে ৰাজস্থানৰ কংগ্ৰেছৰ ব্যৰ্থতাকে জগৰীয়া কৰে।
উল্লেখ্য যে, কংগ্ৰেছে অভিযোগ কৰিছিল যে, এই নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত দুজন লোকৰ এজন হৈছে বিজেপিৰ সদস্য। এই ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা নিয়াৰ জৰিয়তে কৰাৰো দাবী উত্থাপন কৰিছিল কংগ্ৰেছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই এটা সংবাদ মাধ্যমে সদৰি কৰা এটা অতি স্পৰ্শকাতৰ তথ্যৰ কথা প্ৰকাশ কৰি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। ৰিয়াজ আট্টাৰী ওৰফে ৰিয়াজ আখতাৰী নামৰ দৰ্জী হত্যাৰ অন্যতম মূল অভিযুক্তজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল খেৰাই। আন একাধিক কংগ্ৰেছ নেতাৰ সৈতে বিজেপিৰ সৈতে অভিযোগ উত্থাপন কৰি তেওঁ লিখিছিল যে, 'কানহায়া লালৰ হত্যাকাৰী ৰিয়াজ আট্টাৰী হৈছে বিজেপিৰ এজন সদস্য।’ আন একাধিক কংগ্ৰেছ নেতায়ো অনুৰূপ অভিযোগ উত্থাপন কৰিছিল।