উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত সত্ৰাধিকাৰ প্ৰভূ ড০ পীতাম্বৰ দেৱ গোস্বামীৰ ৬১ জন্মতিথি উদযাপন

 06/10/2019 - 18:15

 গুৱাহাটীঃ মহান ধৰ্ম প্ৰচাৰক শ্ৰী শ্ৰী আউনীআটী সত্ৰাধিকাৰ প্ৰভূ ড০ পীতাম্বৰ দেৱ গোস্বামী দেৱৰ ৬১তম জন্মতিথিত আজি উত্তৰ গুৱাহাটী আউনীআটী শাখা সত্ৰত উদযাপন কৰা হয়। পুৱা উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ভাৰতী, আচাৰ্য ভাৰতী আৰু পৰিচালনা সমিতিৰ তৰফৰ প্ৰভু ঈশ্বৰৰ জন্মতিথিৰ ওলগ জনায়। ছাত্ৰীসকলে ভগৱত বন্দনা পৰিবেশন কৰাৰ অন্তত প্ৰভুৱে সকলোকে আশীষ প্ৰদান কৰি নিজ হাতে প্ৰসাদ বিতৰণ কৰে।

ইয়াৰ পূৰ্বে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী, প্ৰধান আচাৰ্য উৎপল তালুকদাৰে সত্ৰাধিকাৰ প্ৰভুক মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। আজি পুৱাৰে পৰা সত্ৰাধিকাৰ প্ৰভূক অগণন ভক্ত শিষ্যৰ লগতে ধাৰ্মিক, শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানে ওলগ জনাই তেওঁৰ আশীষ লয়।

জন্মতিথিৰ লগত সংগতি ৰাখি উত্তৰ গুৱাহাটীৰ আউনীআটী শাখা সত্ৰত বৈদিক অনুষ্ঠান, আমন্ত্ৰিত শিল্পীৰ নাগাৰা নাম, দুপৰীয়া ''অসমীয়া সমাজ জীৱনত নামঘৰৰ প্ৰভাৱ" শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। সন্ধিয়া সাত বজাৰ পৰা মহিলাৰ দিহানাম আৰু সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী জয়ন্ত ভাগৱতী আৰু প্ৰণামী ভাগৱতীয়ে কৃষ্ণ নৃত্য পৰিৱেশন কৰিব বুলি আয়োজক সকলে জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।