নিউজ ডেস্কঃ শিৱ সেনাৰ মুৰব্বী উদ্ধৱ থেকাৰেই মহাৰাষ্ট্ৰৰ মু্খ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা একনাথ সিন্দেক দলৰ সকলো পদৰ পৰা বহিষ্কাৰ কৰিছে৷ দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণৰ কথা এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে শিৱসেনাই৷ উল্লেখ্য যে, বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ বিংশতম মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল একনাথ সিন্দেই৷ একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাৰ বিধায়কসকলৰ মাজত হোৱা বিসম্বাদৰ পৰিণতিতে পতন ঘটিছিল উদ্ধৱ থেকাৰেৰ নেতৃত্বৰ ত্ৰিদলীয় মহাবিকাশ আঘাড়ী চৰকাৰ৷
উল্লেখ্য যে, থেকাৰে চৰকাৰৰ পতনৰ পাছত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছ নতুন মুখ্যমন্ত্ৰী হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও একনাথ সিন্দেক মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পন কৰা হ’ল আৰু ফাড়নবিছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ হস্তক্ষেপৰ বাবে উপ মুখ্যমন্ত্ৰীৰ আসনত বহিবলগীয়া হ’ল৷ ৰাজ্যপাল ভগত সিং কোশ্যাৰীয়ে সিন্দে আৰু তেওঁ ডেপুটী ফাড়নবিছক ৰাজভৱনতে শপত বাক্য পাঠ কৰায়৷ চাৰিবাৰৰ বিধায়ক সিন্দেই শিৱ সেনাৰ প্ৰাক্তন মুৰব্বী বাল থাকৰে আৰু থানে জিলাৰ তেওঁৰ ৰাজনৈতিক পথ প্ৰদৰ্শক আনন্দ দীঘেক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শপতবাক্য পাঠ কৰে৷ ইফালে, সিন্দে চৰকাৰে বিধানসভাৰ বিশেষ অধিৱেশনত নিজৰ চৰকাৰৰ সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব৷
২ জুলাইৰ পৰা এই বিশেষ বিধানসভা অধিৱেশন অনুষ্ঠিত হ’ব৷ তাৰ পূৰ্বেই সিন্দেক এনেদৰে শিৱসেনাৰ পৰা বহিষ্কাৰ কৰা কাৰ্য বিশেষ তাতপৰ্যপূৰ্ণ বিবেচিত হৈছে৷