নূপুৰ শৰ্মাক সমৰ্থন! অমৰাৱতীতো এজনক ছুৰীকাঘাতেৰে হত্যা

 07/02/2022 - 17:12

নিউজ ডেস্কঃ ৰাজস্থানৰ উদয়পুৰ হত্যাকাণ্ডই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ আন এক হত্যাকাণ্ডৰ তথ্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ নূপুৰ শৰ্মা বিতৰ্কৰ পাৰ্শ্বক্ৰিয়া হিচাপেই এতিয়া চিহ্নিত কৰা হৈছে এই হত্যাকাণ্ডক৷ মহাৰাষ্ট্ৰৰ অমৰাৱতীত এই হত্যাকাণ্ড সংঘটিত হৈছিল৷ এগৰাকী ৫৪ বছৰীয়া কেমিষ্টক ছুৰীকাঘাতেৰে হত্যা কৰিছিল দুৰ্বৃত্তই৷ লোকজনে বিজেপিৰ নিলম্বিত নেত্ৰী তথা মুখপাত্ৰ নূপুৰ শৰ্মাৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত পোষ্ট দিছিল বুলি সংবাদ মাধ্যমত এই তথ্য প্ৰকাশ পাইছে৷ ৰাজস্থানৰ উদয়পুৰত কানহায়া লাল নামৰ দৰ্জীজনক ছুৰীকাঘাতেৰে হত্যা কৰাৰ এসপ্তাহৰ আগেয়ে অৰ্থাত ২১ জুনত এই ঘটনা সংঘটিত হৈছিল৷

হত্যাৰ বলি হোৱা লোকজন উমেশ প্ৰহ্লাদৰাও কোলহে বুলি জানিব পৰা গৈছে৷ স্থানীয় বিজেপি নেতাই আৰক্ষীলৈ দিয়া এখন অভিযোগ পত্ৰত উল্লেখ্য কৰিছে যে, দৃষ্টান্তমূলক প্ৰতিশোধৰ আকাংক্ষাৰেই হত্যাকাণ্ড সংঘটিত কৰা হৈছিল৷ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে, তেওঁলোকে এই পত্ৰ লাভ কৰিছে আৰু বিষয়টো সন্দৰ্ভত তেওঁলোকে তদন্ত কৰি আছে৷ আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰিছে আৰু এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ছজন লোকক এতিয়ালৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷

সংবাদ প্ৰতিষ্ঠান পিটিআইৰ আগত আৰক্ষীয়ে সদৰি কৰে যে, ‘কলোহেই অমৰাৱতীত এখন মেডিকেল ষ্টোৰ চলাইছিল৷ তেওঁ নূপুৰ শর্মাৰ বিতৰ্কিত মন্তব্যৰ সমৰ্থন কৰি ভালেমান হোৱাটছএপ গ্ৰুপলৈ বাৰ্তা শ্বেয়াৰ কৰিছিল৷ বহু ইছলামধৰ্মী লোক সদস্য হৈ থকা হোৱাটছএপ গ্ৰুপলৈও তেওঁ এই বাৰ্তা প্ৰেৰণ কৰিছিল৷’ তাৰ পৰিণতিতে তেওঁ হত্যাৰ বলি হোৱা বুলি চৰ্চা চলিছে৷ ইফালে, মহাৰাষ্ট্ৰৰ এণ্টি টেৰ’ৰিষ্ট স্কোৱাজে অমৰাৱতী হত্যাকাণ্ডৰ তদন্ত কৰি আছে৷ এটিএছৰ সূত্ৰই প্ৰকাশ কৰা মতে, তেওঁলোকে এই গোচৰৰ সৈতে সন্ত্ৰাসবাদমূলক কোনো কাম জড়িত হৈ আছে নেকি সেই লৈ তদন্ত কৰি আছে৷ আনহাতে অমৰাৱতী আৰু উদপুৰত অনুৰূপধৰণে হত্যাকাণ্ড সংঘটিত কৰা হৈছিল নেকি তাক লৈও তেওঁলোকে তদন্ত চলাই আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।