কেন্দ্ৰৰ সমালোচনাত মুখৰ নিজ দলৰেই সাংসদ, জানক সবিশেষ

 07/02/2022 - 17:59

নিউজ ডেস্কঃ পুনৰ নিজ দলৰ চৰকাৰৰ বিৰুদ্ধেই সৰৱ হৈ উঠিছে বিজেপি সাংসদ বৰুণ গান্ধী৷ বিভিন্ন বিষয় লৈ বিগত সময়ছোৱাত কেন্দ্ৰক সমালোচনাৰে থকা-সৰকা কৰি অহা বৰুণ গান্ধীয়ে পুনৰ দেশৰ বৰ্ধিত মুদ্ৰাস্ফীতিক লৈ নিজৰ চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে। কেন্দ্ৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰা বৰুণে কয় যে, অত্যাৱশ্যকীয় আৰু ব্যৱহাৰযোগ্য ঔষধৰ মূল্য বৃদ্ধি পাইছে আৰু এতিয়া চিকিৎসালয়ত চিকিৎসা লাভ কৰাটোও ব্যয়বহুল হৈ পৰিছে।

তেওঁ কয় যে ৮০০ বিধ অত্যাৱশ্যকীয় আৰু সাধাৰণতে ব্যৱহাৰ হৈ থকা দৰৱৰ দাম বৃদ্ধি হোৱাৰ পাছত চিকিৎসালয়সমূহত চিকিৎসাও ব্যয়বহুল হৈ পৰিছে। ৰুটি ব্যয়বহুল, কাপোৰ ব্যয়বহুল, আবাসগৃহ ব্যয়বহুল আৰু এতিয়া চিকিৎসাসেৱাও ব্যয়বহুল হৈ পৰিছে। স্বাস্থ্য আৰু শিক্ষা হৈছে মানুহৰ মৌলিক প্ৰয়োজনীয়তা। মূল্যবৃদ্ধিৰ বোজাত ভাৰাক্ৰান্ত সাধাৰণ মানুহে কেতিয়া সকাহ পাব? চৰকাৰক এতিয়া আত্মমন্থনৰ প্ৰয়োজন হৈছে!

উল্লেখ্য যে, ইয়াৰ আগেয়ে সংস্থাপন সম্পৰ্কীয় বিষয়ত নিজৰ অভিমত ব্যক্ত কৰি টুইটাৰত তেওঁ লিখিছিল যে, স্থায়ী চাকৰিৰ পৰিৱৰ্তে অস্থায়ী চাকৰিৰ প্ৰৱণতা হৈছে অৰ্থনৈতিক দিশত আমাৰ বিফলতাৰ নিদৰ্শন। সাংসদজনে এটা নিউজ পৰ্টেলৰ পৰা এই টুইটৰ সৈতে এটা বাতৰিও সংলগ্ন কৰি দিছিল। এই বাতৰিটোত উল্লেখ কৰা হৈছিল যে, বাইজু নামৰ প্ৰতিষ্ঠানটোৱে ইয়াৰ ২,৫০০ কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এড-টেক কোম্পানী এটা ক্ৰয় কৰাৰ প্ৰস্তুতি চলাইছে। এই সন্দৰ্ভত সাংসদগৰাকীয়ে টুইটাৰত লিখিছিল, ছাটাই হৈ নিবনুৱাত পৰিণত হোৱা লোকসকলৰ বিষয়ে কল্পনা কৰক। পিতৃ-মাতৃৰ চিকিৎসা, ঘৰৰ ইএমআই, শিশুৰ মাচুল... এইসকল লোকৰ জীৱন এটা পলকতে ধ্বংস হৈ গৈছে।

বিজেপি সাংসদ বৰুণ গান্ধীয়ে নিৰন্তৰভাৱে নিযুক্তি হ্ৰাস, ব্যক্তিগতকৰণ, ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ দুখ-কষ্ট, শিক্ষাৰ্থীসকলৰ দুৰ্দশাৰ দৰে বিষয়বোৰ টুইটাৰত উত্থাপন কৰি চৰকাৰৰ নীতিসমূহক কাঠগড়াত তুলি আহিছে। শেহতীয়াকৈ, সাংসদজনে চৰকাৰে ঘোষণা কৰা অগ্নিপথ আঁচনিৰ বিৰোধিতাৰেও কেইবাটাও টুইট কৰা দেখিবলৈ পোৱা গৈছিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.