আলিটাঙনীত ঘৰে-ঘৰে গৈ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন আৰু সম্বৰ্ধনা আমছুৰ

 07/04/2022 - 13:01
 
 
বটদ্ৰৱাঃ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁও জিলাৰ বৃহত্তৰ আলিটাঙনী অঞ্চলৰ কেইবাগৰাকীও পৰীক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলবাসীক উৎফুল্লিত আৰু গৌৰৱান্বিত কৰি তুলিছে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত আলিটাঙনী আঞ্চলিক সমিতিৰ উদ্যোগত এটি সজাঁতি দলে, গৌৰৱ কঢ়িয়াই অনা কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে- ঘৰে গৈ অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে কৃৰ্তিমান ছাত্ৰ-ছাত্ৰীসকলৰ সমুজ্জ্বল শৈক্ষিক ভৱিষ্যত কামনা কৰি শুভাশিষ জনায়। আমছুৰ এনে ইতিবাচক পদক্ষেপক কৃতী ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলে শলাগ লোৱাৰ লগতে শিক্ষামূলক কাৰ্যসূচীয়ে সচেতন মহলৰো দৃষ্টি আকৰ্ষণ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।