ঢকুৱাখনাৰ ঘিলামৰাত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ "সত্ৰীয়া সংগীত পাঠশালা" উদ্বোধন

 07/04/2022 - 13:26
 
 
 
ঢকুৱাখনাঃ সত্ৰীয়া কৃষ্টি সংস্কৃতি চৰ্চাৰ প্ৰতি নৱ প্ৰজন্মক আকৃষ্ট কৰাৰ লগতে আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা প্ৰদান কৰিবলৈ ঢকুৱাখনাৰ ঘিলামৰা গোপাল পুৰ গাঁৱৰ সংস্কৃতিবান যুৱক মনোজ কোঁচৰ প্ৰচেষ্টাত দেওবাৰে উদ্বোধন কৰা হয় "সত্ৰীয়া সংগীত পাঠশালা" নামৰ এক সত্ৰীয়া শিক্ষা প্ৰতিষ্ঠানৰ। সত্ৰীয়া সংস্কৃতিৰ অন্তৰ্গত বিভিন্ন গীত, নৃত্য, বাদ্য আদি বিষয়ত অভিজ্ঞ শিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰা হ'ব প্ৰতিষ্ঠানখনত। দেওবাৰে গোপাল পুৰ গাঁৱৰ কৃষ্টি বিকাশ কেন্দ্ৰত আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত প্ৰতিষ্ঠানখন উদ্বোধন কৰে লোক শিল্পী লোহিত লাহনে। উদ্বোধনী অনুষ্ঠানত স্থানীয় শিল্পীসকলে বৰগীত, ভোৰতাল নৃত্য, দশৱতাৰ নৃত্যকে ধৰি কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে। অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপৰিও সত্ৰীয়া সংস্কৃতিৰ প্ৰশিক্ষক ক্ৰমে পাৰুল মণি পায়েং, মনোজ দত্ত আৰু ক্ষিৰোদ বৰা উপস্থিত থাকে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।