বাঘবৰৰ দক্ষিণ পাৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন ডাঃ তাৰাপ্ৰসাদ দাসৰ

 07/04/2022 - 16:57
 
 
 
 
 
নগৰবেৰাঃ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক, অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ, জ্যেষ্ঠ ৰাজনীতিবিদ তথা বৰ্তমান অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ডা: তাৰা প্ৰসাদ দাসে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ দক্ষিণ পাৰৰ বাঘমাৰা, আলোপতি মাজৰচৰ আদি গৰাখহনীয়া আৰু বান বিধস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজৰ মাজত কিছু খাদ্য সামগ্ৰী প্ৰদান কৰে। পাছলৈ সংবাদ মাধ্যমৰ আগত কেইবাটাও মন্তব্য আগবঢ়ায় এই অঞ্চলৰ গৰা-খহনীয়া সমস্যা সম্পৰ্কে বিভাগীয় মন্ত্ৰীৰ লগত আলোচনা কৰি গৰাখহনীয়া সমস্যাৰ সমধান কৰিব বুলি আশ্বাস দিয়ে। চৰ অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যা মাটিৰ পট্টা দিয়াৰো আশ্বাস প্ৰদান কৰে।
 
অসম লোক সেৱাত সংঘটিত হোৱা দুৰ্নীতি সম্পৰ্কেও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় লগতে অসম লোক সেৱাত হোৱা দুৰ্নীতিৰ সোনকালে সমধান বিচৰাৰ লগতে প্ৰকৃত দোষীৰ আইনগত শাস্তিও বিচাৰে। বাঘমাৰা নিচানৰচৰ এম,ই,মাদ্ৰাছা আৰু বাঘমাৰা নিচানৰচৰ প্ৰাথমিক বিদ্যালয় দুখন নদীৰ বুকুত জাহ যোৱা সম্পৰ্কে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল আৰু অগপ ৰ ৰাজ্যিক সভাপতিয়ে উক্ত বিদ্যালয় চৌহদত উপস্তিত হৈ ফোন যোগে বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়া(DEEO) ক অৱগত কৰাৰ লগতে মন্দিয়া প্ৰাথমিক শিক্ষা বিষয়া(BEEO) মতিউৰ ৰহমানক ফোন যোগে বিদ্যালয় পৰিদৰ্শন নকৰাৰ বাবে বাবে ধমক দিয়ে আৰু এদিনৰ ভিতৰত বিদ্যালয় পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে। অন্যথাই তেখেত নিজেই ৰাজ্যিক শিক্ষা বিষয়াৰ ওচৰত BEEO বিৰুদ্ধে অভিযোগ কৰিব। ডা:তাৰা প্ৰসাদ দাস ধৰ্ম নিৰপেক্ষতাত বিশ্বাসী,সেয়ে তেখেতে জাত পাতৰ ৰাজনীতিৰ পৰিবৰ্তে সমষ্টিৰ উন্নয়ন বিচাৰে বুলিও মন্তব্য আগবঢ়ায়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।