শিল্পী শিখাৰ মনৰ কথা, মোৰ কিয় কেন্সাৰ হৈছিল?

 07/04/2022 - 17:33
 
 
মোৰ যেতিয়া কেন্সাৰ হৈছিল তেতিয়া মোৰ আত্মীয় স্বজন, বন্ধু বান্ধৱ, বংশ পৰিয়াল সকলোৰে মনত এটাই প্ৰশ্ন "কেনেকৈ?" তাইৰ কিয় কেন্সাৰ হ'ল? তাইতো একো বেয়া বস্তু খোৱা নাছিল। তেতিয়া বা এতিয়াও বহুত মানুহৰ ধাৰণা বেয়া বস্তু খালেহে বেয়া বেমাৰ হয়। প্ৰথম সময় চোৱাত মোৰ নিজৰ বা ঘৰৰ মানুহ কেইটাৰ, যি পাঁচ বছৰ মোৰ লগত সমানে যুঁজি আছে, তেওঁলোকৰ কিন্তু কিয় হ'ল বুলি ভাবিবলৈ সময় নাছিল। হ'ব লগা আছিল হৈ গ’ল। হাতত সময় বহুত ক’ম আছিল। কেনেকৈ সোনকালে মুম্বাই নি চিকিৎসা কৰিব পাৰি কেৱল সেইটোৱেই চিন্তা আছিল।
 
 
লাহে লাহে যেতিয়া অলপ ভাল হ’লো মই নিজেও ভাৱিবলৈ ললোঁ, মোৰ কিয় কেন্সাৰ হ’ল। সুবিধা পালেই ডাক্তৰকো সোধো মোৰ কিয় হ’ল। কেন্সাৰ genetic নেকি? বিভিন্নজনক সুধি আৰু নিজে অলপ অধ্যয়ন কৰি বুজিলো কিয় হ’ল তাৰ কোনো সঠিক উত্তৰ নাই, তথাপি এই যে মানুহবোৰে কৈ আছিল তাই একো বেয়া বস্তু খোৱাই নাছিল এই কথাষাৰ অলপ ভাৱিবলগীয়া। কাৰণ মই সচাই খাইছিলোঁ বেয়া বস্তু।
 
বহুত বেয়া বস্তু মই খাইছিলোঁ যিবোৰ মোৰ স্বাস্থ্যৰ পক্ষে নাছিল। পঢ়ি থকা দিনৰ পৰা চাকৰি কৰি কেন্সাৰ ধৰা পৰালৈকে গোটেই সময় চোৱাত মোৰ খোৱা বোৱাৰ একো ৰুটিন নাছিল। ৰাতিপুৱা কিবা এটা খাই গৈ কলেজ, টিউচন এইবোৰ কৰি গধূলি ঘৰ সোমোৱা, পঢ়ি থাকোঁতেই চাকৰি পোৱা পাছতে প্ৰথমে দূৰৈত স্কুল বাবে ৰাতিপুৱা 7 তাতে গৈ গধূলি ঘৰ সোমোৱা। তাৰ মাজত একেলগে M. A ,DEl Ed এডমিচন লোৱা।দিনে 50km স্কুটি চলোৱা। ৰাতি মোবাইলটোত কিবা কিবি চাই পুৱা দেৰিকৈ শুই উঠি দৌৰা দৌৰিকৈ নোখোৱা নোবোৱাকৈ স্কুল গৈ স্কুলত চাহ চিপছ বা চানা জাতীয় কিবা কিবি খাইহে মই ভাল পাইছিলোঁ।
 
ঘৰ আহি পাওঁ মানে ভোক নাইকিয়া হৈছিল। গধূলি হোৱা মাত্ৰকে চাহৰ লগত মেগী বা কিবা deep fry কৰা বস্তুৰ সন্ধান কৰোঁ পাকঘৰত। ফল মূল,শাক জাতীয় বস্তুবোৰ কেতিয়াও মোৰ প্ৰিয় নাছিল। ওলাই গলেই ম'ম', ফুচকা, চাওমিন এইবোৰ নোখোৱাকৈ ঘৰলৈ নাহো। বন্ধ বাৰতো ভালকৈ এসাজ ঘৰত খোৱাৰ সলনি টাউন গৈ কাপোৰ কানি, বজাৰ সমাৰত বেছি গুৰুত্ব দিওঁ। এনেকৈয়ে মই নিজৰ শৰীৰটোক নিজেৰ অজ্ঞাতে বহুত কষ্ট দিলোঁ।
 
যাৰ বাবে  মই মোৰ immmunity ধ্বংস কৰিলোঁ, মোৰ শৰীৰে বেয়া কোষবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰা হ'ল.. কাৰণ বস্তু মানে জানো কেৱল মদ ভাঙ ধঁপাত চিগাৰেট? নিম্ন মানৰ খাদ্যাভ্যাসৰ ওপৰিও মোৰ কিছুমান বেলেগ বেলেগ টেনশ্যনো আছিল, যিবোৰেও মোৰ খোৱা শোৱা এইবোৰ অনিয়মীয়া কৰিছিল মাজে মাজে। সৰু কথাবোৰো বহুত চিৰিয়াচকৈ লৈ নিজকে চাপত ৰখা স্বভাৱ এটাও মোৰ আছিল। হয়তো এই আটাইবোৰৰ ফলাফল আজি এয়া। কথাখিনি বহুদিনৰ পৰা লিখিম লিখিম বুলি আজি হঠাৎ লিখাৰ এটা কাৰণ আছে।
 
কালি অভিনেতা ৰবি শৰ্মা দাদাই কিশোৰ দাসৰ মৃত্যুত শোক প্ৰকাশ কৰি বৰ দৰকাৰী কথা কেইটামান কোৱা দেখিলো। সময় মতে খোৱা বোৱা নকৰাৰ বাবে কৰ পৰা কি হয়গৈ এই সম্পৰ্কে। এতিয়া প্ৰশ্ন হ’ব কেৱল মোৰ কিয়, মোৰ বন্ধু বান্ধৱীৰো হয়তো বহুতৰ এনেবোৰ বেয়া অভ্যাস আছিল। বা কেৱল কিশোৰ দাসৰ কিয়, সকলো অভিনেতাই কষ্ট কৰে, খোৱা বোৱা অনিয়মীয়া হয়। সেইটোৰ উত্তৰ 'ভাগ্য'। ভুগিবলগীয়া আমাৰ কপালত আছিল। লগতে প্ৰতিজন মানুহৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা সমান নহয়।বহুতৰ Aura দুৰ্বল থাকে। বাকী কিশোৰ দাস যে ভাল হৈ নুঠে ডাক্তৰে কৈছিল। মোকো কৈছিল।
 
 
মই পাঁচ বছৰ পাৰ কৰিছো কিবা কিবি miracles হৈ। ভাবিছিলোঁ তেওঁ লগতো তেনেকুৱাই মিৰাকল হওক।ৰাইজৰ মৰমত উভতি আহক।4th ষ্টেজ কেন্সাৰৰ চিকিৎসা সহ্য কৰাটো সহজ নহয়,বেমাৰতকৈ চিকিৎসা বেছি ভয় লগা। ট্ৰিটমেণ্টৰ সময়ৰ সংক্ৰমণত বেছি সোনকালে মানুহ মৰে।যিটো কিশোৰ দাসৰ লগতো হ'ল।ৰোগী জীয়াই থাকিলেও খোজে খোজে বিপদ,অনিশ্চয়তা। গতিকে এটাই কম health is wealth, নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হওক সময় থাকোতেই। সময় মতে খোৱা বোৱা, যোগ ধ্যান এইবোৰ দ্বাৰা নিজক অলপ সময় দিয়ক। Immunity আৰু aura সবল কৰি ৰাখক কৰক।
 
 
আজিৰ ভেজাল পৃথিৱীখন ৰৈয়েই আছে যাকে পাওঁ তাকেই ধৰিম বুলি। কেন্সাৰ পেছেন্ট লৈ গৈ হাস্পতালৰ দুৱাৰে দুৱাৰে খাপ দিয়া সকলে ভালকৈ বুজিব কি গতিত বেমাৰ বাঢ়িছে। দিনটোত অতি কমেও 2,3জন হাবাথুৰি খাই ফুৰা ৰোগীৰ আত্মীয়ৰ ফোন মেচেজ আহে। মই নোৱাৰিলেও অবিনাশে ফোনতে যি পাৰে সমাধান দিয়ে। অসহায় হৈ পৰো যেতিয়া একো কৰিব নোৱাৰো আমি। কিশোৰ দাসৰ হৈ যিদিনা প্ৰথম ফোনটো আহিছিল তেওঁৰ বিশেষ এগৰাকী বান্ধৱীৰ পৰা সেইদিনাৰ পৰা শেষলৈকে আমি লগত আছিলোঁ। বহুত কথা আগতীয়াকৈ জানিছিলোঁ যদিও যিমান পাৰো সাহস দিছিলোঁ।
 
সকলোৰে ভাল হওঁক, কেন্সাৰৰ সৈতে যুঁজিবলৈ ভগৱানে শক্তি দিয়ক৷ কিশোৰ দাসৰ আত্মাই সদগতি পাওক৷ (কিছুমান মানুহে নিজৰ লাভৰ বাবে ,নামৰ বাবে, বা trp ৰ অংকত যি ভালকৈ তেওঁৰ কি হৈছিল তাকো নাজানে, বহুত কিবা কিবি ভুল কথা প্ৰচাৰ কৰি কৰাও দেখিলো এই ছমাহত ফেচবুক youtube ত কেৱল views ৰ বাবেই। কাৰোবাৰ জীৱনক লৈ ,বা গুচি যোৱাজনক লৈ এইবোৰ ব্যৱসায় নকৰিব পাৰিলে সঁচা খিনি হিচাপত প্ৰচাৰ কৰিব নোৱাৰিলে নকৰিবই)৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।