শোণিতপুৰ জিলা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ণ পৰিষদৰ চেয়াৰমেনৰ সংবাদ মেল

 07/05/2022 - 13:11
 
 
 
জামুগুৰিহাটঃ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ণ পৰিষদৰ শোণিতপুৰ জিলা কাৰ্যালয়ত জাতিগত প্ৰমাণপত্ৰ দিয়াৰ নামত ধনৰ লেনদেন তথা উৎকোচ বিচৰা হয় বুলি এটি দুষ্ট চক্ৰই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি স্পষ্টিকৰণ দিয়ে শোণিতপুৰ জিলা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ণ পৰিষদৰ চেয়াৰমেন ৰাম নেৱাৰে৷ জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত এই সংবাদমেলত চেয়াৰমেনগৰাকীয়ে তেখেত তেজপুৰস্থিত শোণিতপুৰ জিলা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ণ পৰিষদৰ কাৰ্যালয়ত চেয়াৰমেন হিচাপে হৈ থকালৈকে কোনো ধৰণৰ দূৰ্নীতি অনিয়ম হ’বলৈ নিদিয়ে বুলি উল্লেখ কৰাৰ লগতে তেঁওৰ অজ্ঞাতে যদি কাৰ্যালয়ৰ কোনো লোকে অবিচি প্ৰমাণপত্ৰ দিয়াৰ নামত ধন সংগ্ৰহ কৰিছে তেন্তে তেনে লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও প্ৰকাশ কৰে৷ ইয়াৰোপৰি কাৰ্যালয়ত উপস্থিত নাথাকে বুলি অভিযোগ দি প্ৰকাশ পোৱা সংবাদ মাধ্যমৰ বাতৰি সন্দৰ্ভত ৰাম নেৱাৰে প্ৰশ্ন কৰে  যে চেয়াৰমেনগৰাকী যদি কাৰ্যালয়ত উপস্থিতেই নাথাকে তেন্তে ৪ হাজাৰোধিক প্ৰমাণপত্ৰ কেনেকৈ দিলে৷ এই বাতৰি সম্পূৰ্ণ মনেসজা আৰু ভিত্তিহীন বুলি উল্লেখ কৰি চেয়াৰমেন গৰাকীৰ লগতে কাৰ্যালয়টিক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা দুষ্ট চক্ৰটোৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ কথা উল্লেখ কৰাৰ লগতে মানহানি গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও সংবাদমেলৰ জৰিয়তে উল্লেখ কৰে চেয়াৰমেন ৰাম নেৱাৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।