উৎকট গৰমত নিতৌ সেৱন কৰক গৰম পানী৷

 07/05/2022 - 13:39
 
 
 
নিউজ ডেস্কঃ এতিয়া গ্ৰীষ্মকাল উৎকট গৰমৰ পৰা ৰক্ষা পাবৰ বাবে আপুনিও হয়তো শীতল পানীয় নতুবা ঠাণ্ডা পানী সেৱন কৰিছে কিন্তু আপুনি বাৰু জানেনে ঠাণ্ডা পানীতকৈ গৰমৰ দিনত কিয় খাব লাগে কুহুমীয়া গৰমপানী?
 
কুহুমীয়া গৰমপানীৰ আছে সু-স্বাস্থ্য গঢ়াৰ যাদু৷ ঠাণ্ডা বা ফ্ৰিজৰ পানী খোৱাতকৈ গৰম দিনত নিতৌ খাওক কুহুমীয়া গৰম পানী৷ কুহুমীয়া গৰম পানীয়ে গৰমৰ দিনত সততে আপুনি ভুগি থকা প্ৰস্ৰাৱ জ্বলা-পোৰা সমস্যাৰ পৰা মুক্তি দিয়ে৷
 
মানুহে নিজৰ ওজন আৰু মেদবহুলতাৰ সমস্যাৰ পৰা মুক্তি পাবৰ বাবে নিতৌ সেৱন কৰিব লাগে কুহুমীয়া গৰম পানী৷ চিকিৎসক শালিনী অৰবিন্দে গৰম পানী সেৱনৰ কেইটামান যাদুকৰী উপকাৰৰ কথা উল্লেখ কৰিছে৷
 
১. গৰম পানীয়ে হজম শক্তি বৃদ্ধি কৰে৷
 
২. গৰম পানী শৰীৰক বেক্টেৰীয়া মুক্ত কৰি ৰাখে৷
 
৩. ৰক্ত সঞ্চালন, মাংসপেশীৰ সমস্যা সমাধানৰ বাবে নিতৌ সেৱন কৰক কুহুমীয়া গৰম পানী৷
  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।