বৰখালাত গ্ৰীষ্মকালিন নাট কৰ্মশালাৰ শুভাৰম্ভণি

 07/05/2022 - 15:59
 
 
বাহাৰঘাটঃ সামাজিক সাংস্কৃতিক অনুষ্ঠান ঈশ্বৰীৰ উদ্যোগত আৰু পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি নৱমবাৰ্ষিক গ্ৰীষ্মকানিল নাট কৰ্মশালাৰ শুভ উদ্বোধন কৰে৷ বৰখালা পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে নটৰাজৰ প্ৰতিমুৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক হৰিদেৱ ভট্টাচাৰ্যই, নাৰিকল ভাঙে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শচীন শৰ্মাই৷ অনুষ্ঠানত প্ৰশিক্ষক হিচাবে অংশগ্ৰহণ কৰে নাট্যকাৰ, নাট পৰিচালক বুবুল কলিতা,মকুট বৈশ্য৷অনুষ্ঠানত অতিথি হিচাবে উপস্থিত থাকে অমৰেন্দ্ৰ অলেমান ডেকা আৰু নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মা৷ঈশ্বৰীৰ সহঃসম্পাদক খনীন্দ্ৰ দাসে আতধৰা অনুষ্ঠানত প্ৰতিজন অতিথিয়ে অংশগ্ৰহণ কৰিবলৈ অহা প্ৰশিক্ষনাৰ্থী আৰু অভিভাৱক উদ্দেশ্যি বক্তব্য দিয়ে৷নৱম বৰ্ষৰ বাবে আয়োজিত উক্ত কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত ঈশ্বৰীৰ ফালৰ পৰা কমল বেজবৰুৱা,হেমেন শৰ্মা,খগেন বুজৰবৰুৱা,ঈশ্বৰ বৈশ্য আৰু দিগন্ত শৰ্মাই উদ্বোধনী অনুষ্ঠান পৰিচালনা কৰাত সহায় কৰে৷অনুষ্ঠানৰ আৰম্ভণিতে এসময়ৰ প্ৰশিক্ষাৰ্থী দিচা দাস কোনো এক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছে তেওঁৰ আসু আৰোগ্য কামনা কৰি ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাই৷ উল্লেখযোগ্য যে কৰ্মশালাৰ অন্তত প্ৰশিক্ষনাৰ্থীৰ দ্বাৰা এখনি পূৰ্ণাংগ নাট প্ৰদৰ্শন কৰি সামৰণি মাৰিব৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।