গহপুৰ চৰাইবাৰী আদৰ্শ ট্ৰাইবেল হাইস্কুলত কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা

 07/05/2022 - 17:04
 
 
গহপুৰঃ গহপুৰ দক্ষিণাঞ্চলৰ বানেধোৱা এখন হাইস্কুল। বিদ্যালয়খনত নাই পৰ্য্যাপ্ত পৰিমাণৰ শ্ৰেণীকোঠা। যিকেইটা কোঠা আছে তাৰো কিছু অংশ গৈছে জহিখহি। বিদ্যালয় খনৰ এশ এবুৰি অভাৱ অনাতন আছে যদিও লাভ কৰিবলৈ সক্ষম হোৱা নাই আন্ত:গাঠনিৰ ধন। বিভিন্ন সমস্যাৰে জৰ্জৰিত উক্ত বিদ্যালয়খনত প্ৰৱেশিকা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অঞ্চলটোৰ ৪৭ গৰাকী ছাত্র-ছাত্ৰীক উদগনি মূলক সম্বৰ্ধনা জনায় চৰাইবাৰী যুৱক সংঘই। উক্ত অনুষ্ঠানতে বিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগক আহ্বান জনোৱা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।