সাধাৰণ জাতি বিকাশ পৰিষদৰ উদ্যোগত কামৰূপ জিলাৰ বানাক্ৰান্ত ঠাইত সাহায্য বিতৰণ

 07/05/2022 - 20:45
 
 
বাহাৰঘাটঃ আজি দিনৰ ভাগত সাধাৰণ জাতি বিকাশ পৰিষদ, অসমৰ ৰাজ্যিক সভাপতি অজিত বৰ্মনৰ তত্বাবাধানত গুৱাহাটী মহানগৰ সমিতৰ উদ্যোগত কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত গড়পোট বৰঘুলি চুবুৰী আৰু গৰমচুং গাৱঁৰ ভিঠেৰা চুবুৰীৰ বানাক্ৰান্ত প্ৰায় এশতকৈ অধীক পৰিয়ালত বান সাহায্য বিতৰণ কৰে৷ উল্লেখ্য যে এইবেলি বৰলীয়া নৈৰ মঠাউৰি চিঙাৰ ফলত হাজো সমষ্টিৰ উত্তৰাঞ্চল বিশেষ ভাবে ক্ষতিগ্ৰস্ত হৈছিল৷ আজি সাধাৰণ জাতি বিকাশ পৰিষদৰ কেইবাটাও পৰিয়ালক চাউল, দালি, আলু, নিমখ, গাখীৰ, গুৰ, চিৰা, কাপোৰ, পানী, বিস্কুট, ফেনাইল আদি কৰি কেইবাবিধো সামগ্ৰী প্ৰদান কৰে৷ মহানগৰ সমিতিৰ সভাপতি মঞ্জুলা কাকতিৰ নেতৃত্বত অহা সাহাৰ্য্য প্ৰদানকাৰী দলটোত সম্পাদক লক্ষেশ্বৰ শৰ্মা,উপসভাপতি অখিল গোস্বামী,দিপালী চৌধুৰী,সহঃসম্পাদক হিৰেন শৰ্মা,ৰমেন কলিতা,ৰঞ্জু গোস্বামী আদি কৰি কেইবাজনো সদস্যই সহযোগিতা কৰে৷সাহাৰ্য্য প্ৰদাৰ সময়ত প্ৰতিনিধি দলটোৱে কয় যে পৰবৰ্তী সময়ত ৰৈ যোৱা বহুতো পৰিয়ালৰ মাজত পূনৰ সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰিব৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।