পত্নীৰ ডিঙি কাটি স্বামীয়ে কৰিলে বিষপান

 07/06/2022 - 19:06
 
 
 
 
মোৰ মাক-দেউতাই ডেগাৰেৰে কাটিছে’ কাকুড়গাছি থানাত পিতৃৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অভিষেক বাকুলিৰ৷ পত্নীৰ ডিঙি কাটি হাতত দা লৈ থানাত গৈ উপস্থিত হ’ল স্বামী৷ নিজৰ অপৰাধৰ কথা স্বীকাৰ কৰি বিষপান কৰিলে স্বামীয়ে৷ লগে লগে বিষপান কৰা উত্তম বাকুলিক চিকিৎসালয়ত ভৰ্তি কৰায় আৰক্ষীয়ে ইফালে উত্তমৰ তেজেৰে লুটুৰি-পুটুৰি পত্নীকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ কিন্তু চিকিৎসা লাভ কৰাৰ পূৰ্বেই মৃত্যুক আকোৱালি লয় বাকুলিৰ পত্নী ববি বাকুলিয়ে৷ এই সমগ্ৰ ঘটনাই এতিয়া পশ্চিম বংগত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।