ঢকুৱাখনা টেকেলিফুটাৰ 'টাকাৰচুক'ত লুইতৰ গৰাখহনীয়া অব্যাহত

 07/06/2022 - 20:42
 
 
 
ঢকুৱাখনাঃ ঢকুৱাখনা টেকেলিফুটাৰ 'টাকাৰচুক'ত লুইতৰ গৰাখহনীয়া অব্যাহত। যোৱা ২৩ জুনৰ পৰা লুইতৰ বুকুত জাহ গ'ল প্ৰায় পঞ্চাশ মিটাৰ অংশ। ঢকুৱাখনা-মাজুলীৰ সুৰক্ষা কৱচ 'চিচি টেকেলিফুটা' মঠাউৰিলৈ মাত্ৰ সত্তৰ মিটাৰ মান বাকী থকা অৱস্থাত ভীতিগ্ৰস্ত হৈ পৰিছে নৈ পৰীয়া ৰাইজ। লখিমপুৰ জিলাৰ উপায়ুক্তই খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি তৎকালীন ব্যৱস্থা হিচাপে পাৰ্কোপাইন আৰু জিঅ'বেগ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও আস্বস্ত হ'ব পৰা নাই স্থানীয় ৰাইজ। তেওঁলোকৰ দাবী-যিকোনো মূল্যৰ বিনিময়ত সুৰক্ষা দিব লাগিব চিচি টেকেলিফুটা মঠাউৰিক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।