পশ্চিম বড়িগোগ সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা মণ্ডপৰ নৱনিৰ্মীত মন্দিৰৰ শুভ উদ্বোধন

 07/06/2022 - 21:05
 
 
 
বাহাৰঘাটঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত কিচ্‌মৎ গাঁৱত ঐতিহ্যমণ্ডিত পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা মন্দিৰটো আজি সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি অনুযায়ী শুভ উদ্বোধন কৰে৷ তদুপলক্ষে আজি পুৱা স্থানীয় শংকৰদেৱ বিদ্যা নিকেতন, বাহাৰঘাটৰ আচাৰ্য্যা কমলা দেৱীৰ পৰিচালনাৰে শিক্ষাৰ্থী সকলৰ দ্বাৰা মংগলাচৰণম গোৱাৰ পিচতে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি নিৰঞ্জন চন্দ্ৰ ডেকাই পতাকা উত্তোলন কৰে৷
 
ইয়াৰ পিচতে স্মৃতিতৰ্পণ কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক ৰামপ্ৰষাদ শৰ্মাই আৰু দেহাৰকুছিৰ বয়োজ্যেষ্ঠ ব্যক্তি বাসুদেৱ শৰ্মাই ভূমিদাতা প্ৰয়াত বশিষ্ঠ নাথ শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে৷ আনহাতে এটি বিল্ববৃক্ষ ৰোপণ কৰে সংস্কৃত পণ্ডিত কেশৱ চন্দ্ৰ শৰ্মাই আৰু নিমগছৰ পুলি ৰোপণ কৰে প্ৰনৱ শৰ্মাই৷ ইয়াৰ পিচতে আৰম্ভ হয় ধৰ্মীয় অনুষ্ঠান৷ উল্লেখযোগ্য যে এইবেলি নতুন মন্দিৰৰ লগতে মণ্ডপত এখনি আটক ধুনীয়াকৈ দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰে৷
 
আজি মন্দিৰ উদ্বোধনৰ লগতে স্থায়ী প্ৰতিমা নিৰ্মাণকাৰী শিল্পীদ্বয় ক্ৰমে দীপক শৰ্মা আৰু দিলীপ পালক গামোছাৰে সম্বৰ্ধনা জনাই৷প্ৰায় ত্ৰিশ লক্ষাধিক ধন ব্যয় কৰি নিৰ্মাণ কৰা নৱনিৰ্মীত মন্দিৰটো উদ্বোধনী অনুষ্ঠানত অসংখ্য ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়৷১৯ ৬৪ চনত অবিভক্ত কামৰূপ জিলাৰ বৃহত্তৰ পশ্চিম বড়িগোগ মৌজাৰ কেইবাখনো গাৱঁৰ ধৰ্মপ্ৰাণ ৰাইজৰ আকুন্ঠ প্ৰচেষ্টাত উক্ত মন্দিৰ প্ৰতিষ্ঠা হৈছিল৷আজি তাহানিৰ মন্দিৰৰ ঠাইত নতুন মন্দিৰ এটি পায় অঞ্চলৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে৷আবেলি বিশিষ্ট পাঠক ৰামচৰণ ভৰালী আৰু চণ্ডীৰাম পাটোৱাৰীয়ে নাম পৰিৱেশন কৰিব বুলি আয়োজক সমিতিয়ে জানিব দিছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।