বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা(নেমছু)ৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

 07/07/2022 - 14:44
 
 
বিশ্বনাথঃ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় সংগঠনটোৱে। ছাত্ৰ সংগঠনটোৱে ৭০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰ আৰু গছপুলিৰে অভিনন্দন জ্ঞাপন কৰে।
 
এই অভিনন্দন অনুষ্ঠানত বিশ্বনাথ  জিলা নেমছুৰ সভাপতি ফকৰুদ্দিন আহমেদ, কেন্দ্ৰীয় উপ সভাপতি মুস্তাক হুছেইন, সাংগঠনিক সম্পাদক ছাইদুল ইছলাম, বিশ্বনাথৰ গীতিকাৰ তথা সাহিত্যিক ধ্ৰুৱ জ্যোতি ৰাজখোৱা, কমাৰ্চ কলেজৰ অধ্যাক্ষা পূৰবী ভট্যাচাৰ্য,বিশ্বনাথ চাৰিআলিৰ সমাজকৰ্মী জমিৰ আলিয়ে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বক্তব্য প্ৰদান কৰাৰ লগতে ছাত্ৰীসকলক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়িবলৈ আহ্বান জনায়।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।