মৰিগাঁৱৰ বানাক্ৰান্তৰ ওচৰত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ

 07/07/2022 - 16:15
 
 
মৰিগাঁওঃ সমগ্ৰ অসমতে বানে কাল ৰূপ ধাৰণ কৰা সময়ছোৱাৰ বানাক্ৰান্তৰ ওচৰত এতিয়া ঠিয় হৈছে অসমৰ শিল্পী সমাজ। মৰিগাঁও বানাক্ৰান্ত ৰাইজক কিছু সকাহ প্ৰদানৰ উদ্দেশ্যে বৃহস্পতিবাৰে মৰিগাঁও মৰাকলঙৰ পথৰ দাঁতিত আশ্ৰয় লৈ থকা বানাক্ৰান্তৰ প্ৰায় ১০০ গৰাকী পৰিয়ালক একোটাকৈ খাদ্যৰ টোপোলা আগবঢ়াই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ। লগতে এই বান সাহাৰ্য কাৰ্য্যসূচীত সহায় কৰে জাতিটোৰ প্ৰতিটো সমস্যাতে মাত মতা সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিয়ে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।