বৰভাগত লুৰিণজ্যোতি গগৈৰ বিস্ফোৰণ, বান নিয়ন্ত্ৰণৰ উপৰিও বন্যাৰ্তক পৰ্য্যাপ্ত পৰিমাণৰ সাহায্য দিয়াত চৰকাৰ ব্যৰ্থ

 07/07/2022 - 19:22
 
 
বাহাৰঘাটঃ আজি বৰভাগৰ বন্যাৰ্তৰ খবৰ ল’বলৈ আহি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে কয় জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে৷ তেওঁ কয় প্ৰকৃততে বৰভাগৰ দুসুতিৰ মুখৰ শ্লুইছ গেটখন আজি পৰ্য্যন্ত সম্পূৰ্ণ কৰিব নোৱাৰাটো চৰকাৰৰ দুৰ্বলতা৷ দুটাকৈ নিৰ্মাণকাৰী সন্থাই কাম কৰিবলৈ আহি উভতি গৈছে৷
 
এইটোও পৰিতাপৰ বিষয় ৷তেওঁ শ্লুইছ গেটৰ বাৰ কোটি টকা কি হ’ল তাৰো প্ৰশ্ন অৱতাৰণা কৰিছে৷ আজি বৰক্ষেত্ৰী সমষ্টিৰ বৰভাগৰ বন্যাৰ্তৰ খবৰ লোৱাৰ মাজতে সানেকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰকুছি শংকৰ নামঘৰত ৰাইজক উদ্দেশ্যি বক্তব্য দিয়াৰ উপৰিও কিছুপৰিমাণে সাহায্য ও বিতৰণ কৰে৷
 
আজি উক্ত কাৰ্য্যসূচীত নেতা গৰাকীৰ লগত অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সভাপতি নগেন ডেকা, বৰক্ষেত্ৰীৰ যুৱনেতা শান্তনু কলিতা, বৰভাগৰ যুৱনেতা চন্দন কলিতাৰ লগতে কিছুসংখ্যক দলীয় কৰ্মীয়ে সহযোগ কৰে৷ উক্ত সাহায্য সামগ্ৰী বিতৰণৰ মাজতে যুৱনেতা শান্তনু কলিতাই কয় যে শিক্ষকতাৰ মাজতে সাংবাদিকতাৰ সেৱা আগবঢ়োৱা এজন সাংবাদিকৰ ক্ষেত্ৰত নিলম্বন কিয়,সকলোৰে ক্ষেত্ৰত একে হ’ব লাগে৷ তেওঁ বহুতো শিক্ষকতাৰ মাজতে সাংবাদিকতা কৰা বহুতো প্ৰতিষ্ঠিত সাংবাদিক এতিয়াও জিলাখনত থকাৰ কথা উল্লেখ কৰি কয় যে এইক্ষেত্ৰত চৰকাৰে কি সিদ্ধান্ত লয় সেইটোহে লক্ষ্যনীয় হ’ব?
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।