বিলাসীপাৰা টাউন ভৱনত ভাৰতীয় জনতা পাৰ্টীৰ ধুবুৰী পূৱ জিলাৰ উদ্যোগত ৰক্তদান শিবিৰ

 07/07/2022 - 19:34
 
 
বিলাসীপাৰাঃ ৰক্তদান এক মহৎ দান। বিলাসীপাৰাত ভাৰত কেশৰী ড০ শ্যামা প্ৰসাদ মূখাৰ্জীৰ ১২২ তম জন্মজয়ন্তী পালন। বৰেণ্য ৰাজনীতিবিদ ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি বিলাসীপাৰাত আয়োজন কৰা হয় ৰক্তদান শিবিৰ। ভাৰতীয় জনতা পাৰ্টীৰ ধুবুৰী পূৱ জিলাৰ উদ্যোগত বিলাসীপাৰা বিবাহ ভৱনত অনুষ্ঠিত হয় ৰক্তদান শিবিৰ। উক্ত ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰি বিলাসীপাৰাৰ প্ৰায় ৫০ জনৰো অধিক ব্যক্তিয়ে ৰক্তদান কৰে। অনুষ্ঠানত উপস্থিত থাকে বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱাণী, ধুবুৰী পূৱ জিলা বিজেপিৰ সভাপতি প্ৰফুল্ল কলিতাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন স্তৰৰ কৰ্মকৰ্তা আৰু বিশিষ্ট ব্যক্তিসকল। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।