কোৰবাণীক লৈ বিতৰ্ক অকল সংবাদ মাধ্যমত, কোৰবাণীক লৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোনো বিতৰ্ক হোৱা নাই- কেশৱ মহন্ত

 07/08/2022 - 17:38
 
 
 
 
 
ধুবুৰীঃ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। শীঘ্ৰেই আৰম্ভ হ’ব চিকিৎসালয় মহাবিদ্যালয়ত পাঠদান প্ৰক্ৰিয়া। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ কাম। আৰম্ভ কৰা হৈছে বহিঃ বিভাগ সেৱা। কুৰবাণীক লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য-কুৰবাণীক লৈ বিতৰ্ক অকল সংবাদ মাধ্যমত। কুৰবানীক লৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোনো বিতৰ্ক হোৱা নাই। SOP ত আইনৰ কথা আছে তাৰ বাহিৰে বেলেগ কথা নাই। পুৰ্বৰ আইন অনুযায়ী হ’ব কুৰবানী। ধুবুৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শনৰ বাবে আহি ধুবুৰীত এনেদৰে মন্তব্য কৰিলে মন্ত্ৰী কেশৱ মহন্তই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।