শক্তি আশ্ৰমত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা আমছুৰ

 07/09/2022 - 12:27
 
 
 
 
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ সভা কক্ষত এক সভা অনুষ্ঠিত কৰি ২০২২ বৰ্ষত সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলোক সম্বৰ্ধনা জ্ঞাপন কৰে কোকৰাঝাৰ জিলা আমছুৱে। উক্ত অনুষ্ঠানত শতাধিক শিক্ষাৰ্থীক ফুলাম গামোচা, মানপত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানত আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ, কেএছিৰ ইএম কৰ্মেশ্বৰ ৰায়, শিক্ষা বিষয়া জাহাংগীৰ হুচেইন, প্ৰবক্তা ড: ৰেজাউল কৰিমৰ লগতে আমছুৰ জিলা সভাপতি আমিনুৰ ইছলাম, সাধাৰণ সম্পাদক আব্দুল লতিফ, আদিৰ লগতে জিলা আৰু আঞ্চলিকৰ কৰ্মকৰ্তাসকলো উপস্থিত থাকে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।