বাৰাংহাটীত ৰাজ্যিক বিজেপি মেডিকেল চেলৰ উদ্যোগত আৰু সুদৰ্শন ক্লাৱ বাৰাংহাটীৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ

 07/09/2022 - 18:16
 
 
বাহাৰঘাটঃ বাৰাংহাটীত পাঁচ শতাধিক লোকক চিকিৎসা সেৱা প্ৰদান কৰা হয়। বিজেপি মেডিকেল চেলৰ উদ্যোগত অনুষ্ঠিত হয় এই চিকিৎসা শিবিৰ। বাৰাংহাটী শংকৰদেৱ শিশু নিকেতন প্ৰাংগনত অনুষ্ঠিত হয় শিবিৰটো৷ এই চিকিৎসা শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যিক বিজেপি মেডিকেল চেলৰ ডঃ বেদব্ৰত পাঠকে। ৰোগীসকলক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰিও বিনামূলীয়া কৈ ঔষধ বিতৰণ কৰা হয় স্বাস্থ্য শিবিৰত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।