ৰঙিয়া জিলা শাখাৰ অন্তৰ্গত বাসুদেৱ আঞ্চলিক শাখাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ

 07/09/2022 - 19:08
 
 
 
 
 
 
বাহাৰঘাটঃ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৰঙিয়া জিলা শাখাৰ অন্তৰ্গত বাসুদেৱ আঞ্চলিক শাখাৰ উদ্যোগত বিশিষ্ট ব্যক্তি তথা অভিজ্ঞ চিকিৎসক আৰু ৰেডক্লিফ লেবৰ সহযোগত বানপীড়িত হাজো সমষ্টিৰ পশ্চিম বড়িগোগ মৌজাৰ সৌৰামূৰী হাইস্কুলত ৩ জুলাই তাৰিখে হৈ যোৱা প্ৰথমটো বিনামূলীয়া চিকিৎসা শিবিৰৰ সফল সামৰণিৰ পিছত দ্বিতীয়টো চিকিৎসা শিবিৰ আজি ১৯৪ নং চাপোন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰে। আজি পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ অনুষ্ঠিত হোৱা চিকিৎসা শিবিৰটো উদ্বোধন কৰে সমাজকৰ্মী প্ৰমোদ কলিতাই৷ শিবিৰত ডা° ৰেজৱান আহমেদ,ডা° পি কে ডি মহন্ত,ডা° হৃষিকেশ লহকৰ,ডা° ধীৰেন্দ্ৰ নাথ ডেকা,ডা° দিলীপ ডেকা,আবদ্দুচ চালাম ফাৰ্মাচিষ্ট,নিপন আহমেদ লেবৰেটৰী টেকনিচিয়ান আদি কৰি কেইবাজনো চিকিৎসক তথা স্বাস্থ্য কৰ্মীয়ে অংশগ্ৰহণ কৰে৷আনহাতে উক্ত শিবিৰত ৰোগী সকলে চিকিৎসা লাভ কৰাৰ উপৰিও  বিনামূলীয়াকৈ থাইৰইড/চুগাৰ আৰু ক'লেষ্ট্ৰল ৰোগৰ যিকোনো এটা ৰোগৰ বিনামূলীয়া পৰীক্ষা কৰিব পৰা ব্যৱস্থা ও লাভ কৰিছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।