ধুবুৰীত ঈদৰ সমূহীয়া নামাজত ধুবুৰীৰ ঈদগাহ ময়দানত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ

 07/10/2022 - 13:12
 
 
ধুবুৰীঃ আজি দেশজুৰি উদযাপন কৰা হৈ আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উদ-জোহা। ব্যতিক্ৰম নহয় ধুবুৰী। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখিব পোৱা গ’ল উখল-মাখল এক পৰিৱেশ। আজি পুৱাৰ পৰাই জনমানসৰ ভিৰ দেখিব পোৱা গ'ল ধুবুৰীৰ ঈদগাহ ময়দানত। ধুবুৰীৰ ঈদগাহ ময়দানত হাজাৰ হাজাৰ ইছলাম ধৰ্মৱালী লোকে এইবাৰ একেলগে নামাজ পঢ়িলে। লোকসকলে ইজনে আনজনক ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে পুৱাই নতুন কাপোৰ পিন্ধি শান্তি আৰু সম্প্ৰীতি ৰক্ষাৰ বাবে আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰিছে। এইবাৰ ঈদৰ নামাজ আদায় কৰিছে ধুবুৰী চহৰৰ ঢাকাইপট্টিৰ জামে মছজিদৰ ইমাম মৌলানা ৰুস্তম আলী। 
 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।