07/10/2022 - 15:01
in
কামপুৰঃ সৰ্বস্ব হেৰুৱা কামপুৰৰ বানাক্ৰান্তু শেষ ভৰষা ভগৱান অথবা নেদেখাজন। সেয়ে কামপুৰৰ বকুলগুৰীৰ ৰাইজে গৰাখহনীয়াৰ পৰা এইবাৰ অনুষ্ঠিত কৰিলে নাম-প্ৰসংগ। কামপুৰৰ বকুলগুৰীত কপিলীৰ ভয়ংকৰ খহনীয়া সৃষ্টি হৈছে৷ যিকোনো মূহুৰ্ত্বত কপিলী নৈয়ে সলাব পাৰে সূুঁতি।
উল্লেখ্য মেতিনি বছৰৰ আগতে নিৰ্মাণ কৰা তিনি কোটি টকীয়া মথাউৰি। কপিলীৰ বুকুত জাহ গ’ল কামপুৰ বকুলগুৰি পশ্চিম কাৰ্বি আংলং সংযোগী পথৰো বৃহৎ অংশ৷ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বাবে বৰ্তমান কপিলীৰ মথাউৰিটো খহি যোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ জিঅ’ বেগৰে নিৰ্মাণ কৰা বান্ধটো খহি যোৱাৰ পিছত ৰহা সমষ্টিৰ বিধায়ক শশী কান্তু দাসৰ তৎপৰতাত কামপুৰ বকুলগুৰি সংযোগী পথটোৰ কেইডালমান বাঁহৰে ৰক্ষা কৰাৰ চেষ্টা কৰিছিলি যদিও পথটোৰ বিভিন্ন স্থানত খহনীয়া আৰম্ভ কৰিছে৷
ৰাইজৰ অভিযোগ অতি নিম্ন মানদণ্ডৰে বাঁহ আৰু বালিবস্তুা দি মথাউৰিতো মেৰামতি কৰাৰ বাবেই এইদৰে মেৰামতিৰ কাম "শেষ নহওঁতেই খহি গ’ল। বৰ্তমান কপিলীয়ে খহাই লৈ গৈছে। সেয়ে কপিলীপৰীয়া? শেষ ভৰষা এই ভগৱান৷ ভগৱান অৱিহনে তেওঁলোকৰ আৰু পথ নাই। সেয়ে অসমৰ মুখ্যমন্ত্ৰী বিভাগীয় মন্ত্ৰী আৰু ৰহাৰ বিধায়কক বান্ধটো নিৰ্মাণ কৰা দাবী জনোৱাৰ লগতে নদী বান্ধৰ পানী একেবাৰতে এৰি নিদি নিদিষ্ট পৰিমাণত কম কমকৈ এৰি দিয়াৰ দাবী জনাই।