মাত্ৰ ৩০ গৰাকী লোকেৰে সৈতে এখন দেশ

 07/12/2022 - 14:10
 
 
 
বিশ্বত এখন এনে দেশ আছে যাৰ জনসংখ্যা কেৱল মাত্ৰ ৩০ গৰাকী। দেশৰ নিজা মুদ্ৰাও আছে। যাক মাইক্ৰ'নেশন বুলিও কোৱা হয়। এই দেশখনৰ নাম ৰিপাব্লিক অফ মোলোছিয়া দেশ খনৰ নিজা ৰাষ্ট্ৰীয় সংগীত, জাতীয় পতাকা আদি সকলো আছে।
 
ৰিপাব্লিক অফ মোলোছিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেভাডা ৰাজ্যত আছে। ই পৃথিৱীৰ কোনো ৰাজ্যৰ সীমাৰ ভিতৰত নপৰে। কিন্তু ইয়াক এখন দেশৰ মান্যতাও দিয়া হোৱা নাই। মোলোছিয়াৰ মুঠ মাটিকালি দুই একৰতকৈও কম।
 
ই নেভাডাৰ ডেটনত কাৰ্চন নদীৰ পাৰত অৱস্থিত। মলোছিয়াৰ শাসক হৈছে কেভিন বগ, যিয়ে তেওঁৰ এজন বন্ধুৰ সৈতে এই ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিছিল। বগক বিভিন্ন অনুষ্ঠানত ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰা দেখা যায়।দেশখন ১৯৭৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াক মূলতঃ গ্ৰেণ্ড ৰিপাব্লিক অৱ ৱৰ্ল্ডষ্টাইন বুলি কোৱা হৈছিল। প্ৰায় ২০ বছৰৰ পিছত ১৯৯৮ চনত ইয়াক মোলোচিয়া ৰাজ্য নামদিয়া হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।