বিয়েৰৰ উপকাৰিতা

 07/12/2022 - 15:41
 
 
বিয়েৰৰ উপকাৰিতা৷ গৰমৰ দিনত যুৱ প্ৰজন্মৰ মাজত বিয়েৰ অতি জনপ্ৰিয়৷ কেৱল যুৱক সকলেই নহয় বহু বয়োজ্যেষ্ঠ লোকেও গৰমত বিয়েৰ পান কৰি আনন্দ লাভ কৰে৷ নিতৌ ১ মগ বিয়েৰ সেৱন কৰাৰ আছে বহুকেইটা যাদুকৰী উপকাৰিতা৷
 
 
১. সীমিত মাত্ৰাত বিয়েৰ সেৱন কৰা ব্যক্তিৰ হাড় মজবুত হয় হাড়ৰৰ সমস্যা থকা বহুলোকে বিয়েৰ সেৱন কৰি লাভ কৰা উপকাৰিতাৰ কথা বহু সময়ত আলোচনীসমূহত উল্লেখ কৰা দেখিবলৈ পোৱা যায়৷ বিশ্ব বিখ্যাত TUFTS UNIVERSITY ৰ এক তথ্যই কয় যে বিয়েৰ সেৱন কৰা ব্যক্তিৰ হাড় আন ব্যক্তিতকৈ মজবুত৷
 
২. হৃদযন্ত্ৰজনিত ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবে সীমিত পৰিমাণৰ বিয়েৰ সেৱন যথেষ্ট উপকাৰী বুলি জনা যায়৷ ইটালীত এক বিশেষ গৱেষণা কৰা হৈছিল বিয়েৰৰ৷ এই গৱেষণাই কয় যে নিয়মিত ক’ম পৰিমাণে বিয়েৰ সেৱন কৰা ব্যক্তিৰ হাৰ্টৰ ৰোগ হোৱাৰ সম্ভাৱনা ৩১ শতাংশ হ্ৰাস পায়৷ অৱশ্যে অধিক পৰিমাণে বিয়েৰ সেৱন কৰিলে হাৰ্টৰ যথেষ্ট ক্ষতি হয়৷
 
৩. বিয়েৰ সেৱন কৰা ব্যক্তিৰ কিডনিত পাথৰ নহয় বুলি বহুজনে বিশ্বাস কৰে৷ বিয়েৰত ৯৩ শতাংশ পানী থাকে৷ যাৰ ফলত শৰীৰৰ বাবে ক্ষতিকাৰক পদাৰ্থ সমূহ প্ৰেসাৱৰ সৈতে ওলায় যায়
 
৷৪. বিয়েৰ খোৱা ব্যক্তিৰ কেস্নাৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় বুলি একাংশ গৱেষণাই উল্লেখ কৰে৷ বিয়েৰত যি কা ব্যৱহাৰ কৰা হয় তাক অধিক পৰিমাণৰ পলিফেনল থাকে ৷ যি প্ৰষ্টেট কেন্সাৰৰ সৈতে যোজাত সহায় কৰে৷
 
 
৫. বিয়েৰত যথেষ্ট পৰিমাণে ভিটামিন B পোৱা যায়৷ ই চুলিৰ বাবে যথেষ্ট উপকাৰী৷ উফি আতৰাবলে বহু ব্যক্তিয়ে বিয়েৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়৷
 
 
 
৬. সন্তুলিত মাত্ৰাত বিয়েৰ পান কৰিলে TYPE 2 ডায়েবেটিছ হোৱাৰ সম্ভাৱনীয়তা কমি যায়৷ এটা গৱেষণাই কয় নিতৌ এক মগ বিয়েৰ সেৱন কৰিলে মধুমেহ বেমাৰ হোৱাৰ সম্ভাৱনা বহুতে ক’মে৷
 
 
৭. বৰ্তমান বহুলোক আলজাইমাৰ দ্বাৰা আক্ৰান্ত ৷ নিতৌ বিয়েৰ সেৱন কৰা লোকৰ ডিমেছিয়া আৰু আলজাইমাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট কম৷ 
 (উক্ত প্ৰতিৱেদন বিশেষজ্ঞৰ লিখনিৰ ওপৰত ভিৰ্তি কৰি সম্পাদিত৷মনত ৰাখিব সুৰা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক)৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।