আপোনাৰো বাৰু বিয়াত বাধাৰ সৃষ্টি হৈছে নেকি?

 07/13/2022 - 18:49

বিয়া পতাৰ ক্ষেত্ৰত আপুনিও বাৰু বাৰে বাৰে প্ৰত্যাহবানৰ সন্মুখীন হৈছে নেকি? প্ৰত্যেক পিতৃ-মাতৃয়ে বিচাৰে নিজৰ সন্তানৰ বিয়া উপযুক্ত সময়ত হোৱাতো৷ কিন্তু বিভিন্ন কাৰণত বহুতৰে বিবাহ কাৰ্যত পলম হোৱা দেখা যায়৷ বিবাহ কাৰ্যত সৃষ্টি হোৱা বিঘিনী সমূহ আতৰ কৰাত আছে বহু কৌশল৷

 

বাস্তু শাস্ত্ৰৰ দিশৰ পৰা আছে বিঘিনী আতৰ কৰাৰ কেইটামান সহজ উপায়৷ ১. ঘড়ী- আপোনাৰ ঘৰত থকা ঘড়ীটো আপোনাৰ বিভিন্ন সমস্যাৰ মূল কাৰণ হব পাৰে৷ বহু ব্যক্তিৰ বিয়াত পলম হোৱাৰ মূল কাৰণ ঘৰৰ দেৱালত ওলমি থকা ঘড়ীটো৷ বিবাহৰ উপযুক্ত পাত্ৰ-পাত্ৰী থকা ঘৰৰ ঘড়ী কেতিয়াও বিকল অৱস্থাত থাকিব নালাগে৷ যদি আপোনাৰ ঘৰতো বেয়া ঘড়ী আছে তেন্তে সেই সমূহ ঘৰৰ পৰা বাহিৰ কৰি দিয়ক৷ ঘড়ীৰ সময় কেতিয়াও লেট থাকিব নালাগে৷

 

ঘৰৰ দক্ষিণ পূৱ কোণত ঘড়ী থকাটো ফলপ্ৰসু৷ ২.ছবি- ঘৰৰ দেৱালত থকা ছবিয়ে ঘৰ খনৰ সুখ শান্তি কঢ়িয়াই অনাত যথেষ্ট আগভাগ লয়৷ ভাল দৰা বা কইনাৰ সন্ধানত থকা লোকে ঘৰৰ পূৱ দিশত গছৰ ফটো আৰিব লাগে৷ গছ দালত ফুল আৰু ফলেৰে ভৰি থকাটো বাঞ্চনীয়৷ এনে ছবিয়ে উপযুক্ত পাত্ৰক উপযুক্ত পাত্ৰী প্ৰদান কৰে৷ ৩. আইনা- আপোনাৰ ঘৰতো যদি ড্ৰেছিং টেবুল বা ডাঙৰ আইনা আছে তেন্তে সেই আইনা থোৱাৰ ক্ষেত্ৰত সাৱধান হওক৷ ঘৰৰ দক্ষিণ পশ্চিম কোণত কেতিয়াও আইনা বা দাপোন ৰাখিব নালাগে৷ ই বিবাহত বিঘিনীৰ সৃষ্টি কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।