যুৱতীয়ে চুৰ কৰিলে Ex boyfriend ৰ বাইক

 07/14/2022 - 18:53
 
 
 
 
 ২১ বছৰীয়া যুৱতীয়ে চুৰ কৰিলে ২৬ বছৰীয়া প্ৰাক্তন প্ৰেমীকৰ মটৰ চাইকেল৷ পূৰ্বৰ প্ৰেমীকক ওভতাই পাবৰ বাবে যুৱতী গৰাকীয়ে চুৰ কৰিছিল বাইকখন৷ ৩ বছৰ পূৰ্বে দুয়োৰে মাজত আছিল সুন্দৰ সম্পৰ্ক৷ সেই সময়ত প্ৰেমিকাৰ বয়স আছিল ১৮, প্ৰেমিকৰ ২৩ ৷ ২৩ বছৰীয়া প্ৰেমীকক আদৰি ল’ব বিচৰা নাছিল প্ৰেমিকাৰ পৰিয়ালে৷ প্ৰেমিকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি পঠিয়াই দিয়া হৈছিল জেল হাজোতলৈ৷ তাৰ পিছতেই দুয়োৰে মাজত হৈছিল ব্ৰেকাপ৷ তিনিবছৰ পিছত প্ৰাক্তন প্ৰেমিকে এতিয়া আৰম্ভ কৰিছে এটা নতুন জীৱন৷ ডেলিভাৰী বয় হিচাপে কাম কৰি থকা প্ৰাক্তন প্ৰেমিকক হঠাত দেখিলে প্ৰাক্তন প্ৰেমিকাই৷ পুনৰ দুয়োৰে মাজত সম্পৰ্ক গঢ়িব বিচাৰিলে যুৱতী গৰাকীয়ে কিন্তু প্ৰাক্তন প্ৰেমিকে অতীতৰ কথা মনত পেলাই আঁতৰি আহিবলৈ চেষ্টা কৰিলে যুৱতীগৰাকীৰ পৰা৷ খং আৰু অপমান সহ্য কৰিব নোৱাৰি যুৱকজনৰ কৰ্মস্থলীৰ পৰাই প্ৰাক্তন প্ৰেমিকাই চুৰি কৰিলে বাইকখন৷ চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা বন্দী হৈ ৰ’ল চি চি টিভিত৷ যুৱতী গৰাকীক আৰক্ষীয়ে জেৰা কৰাত ওলাল আঁচল কথা৷ বাইকখন থাকিলে অন্য যুৱতীক পিছত বহাব প্ৰাক্তন প্ৰেমিকে সেইয়ে Ex boyfriend ৰ বাইক চুৰি কৰিলে যুৱতীয়ে৷ এই ঘটনা সংঘটিত হৈছে মায়ানগৰী মুম্বাইত৷  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।