হাটশিঙিমাৰীঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ পিছতে অলপতে হৈ যোৱা ২০১৯ বৰ্ষৰ সৰ্বভাৰতীয় মেডিকেল বাছনি তথা NEET আৰু CEE পৰীক্ষাত সফলতাৰে উজলিল দঃশালমাৰা মানকাচৰ জিলাৰ ব্যক্তিগত খণ্ডৰ কলেজ ইলাইট একাডেমিৰ ছাত্ৰ-ছাত্ৰী।
উল্লেখ্য যে, যি সময়ত ভাৰত তথা অসমৰ বিভিন্ন মেডিকেল আৰু ইঞ্জিনিয়াৰিং কোচিং ইন্সটিটিউটত নিজৰ সন্তানক কোচিং দিয়াৰ নামত প্ৰভাৱশালী লোকসকলে লাখ লাখ টকা ব্যয় কৰিবলগীয়া হৈছে আৰু যি সময়ত দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে ধনৰ অভাৱত তেনে কোচিং চেন্টাৰত নিজৰ সন্তানক ভৰ্তি কৰিব নোৱাৰা হৈছে আৰু আৰ্থিক অভাৱৰ বাবে কিমান শিক্ষাৰ্থীৰ ডাক্টৰ আৰু ইঞ্জিনীয়াৰ হোৱাৰ সপোন মৰহিব ধৰিছে ঠিক সেই সময়তে হাটশিঙিমাৰী ইলাইট একাডেমিৰ ছাত্ৰ মহিবুল ইছলাম ৫০৬ নম্বৰ পাই সৰ্বভাৰতীয় মেডিকেল বাছনি তথা NEET পৰীক্ষা আৰু আবু ছায়েদ আহমেদ ৬৮ নম্বৰৰ স্থান পাই CEE পৰীক্ষাত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱাত ইলাইট একাডেমিৰ লগতে জিলাখনৰ গৌৰৱ কঢ়িয়াই আনিছে।
ইয়াৰ পূৰ্বেও NEET আৰু CEE পৰীক্ষাত এইখন কলেজৰ কেইবাজন ছাত্ৰ-ছাত্ৰী পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল। আনহাতে, সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো ৪৫২ নম্বৰ পাই ৯০.৪ শতাংশ নম্বৰেৰে জিলাখনত সৰ্ব্বোচ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় এইখন ইলাইট একাডেমিৰ হাফিজুৰ ৰহমান মোল্লাহ নামৰ এজন ছাত্ৰ। এইখন কলেজৰ মুঠ ৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত এজন ডিষ্টিংচন, ৯ জন ষ্টাৰ আৰু ৬৭ গৰাকী ছাত্ৰ-ছাত্ৰী ফাষ্ট ডিভিচনেৰে কলেজখনৰ এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। ভৱিষ্যত উজ্জ্বল কামনাৰে গৌৰৱ কঢ়িওৱা আৰু উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীক কলেজখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে উষ্ম আদৰণি জনায়।