কমলপুৰৰ কলাকুছি শিৱ মন্দিৰ প্ৰাংগণত বিনামূলীয়া স্বাস্থ্য শিবিৰ

 07/16/2022 - 18:17
 
 
বাইহাটা চাৰিআলিঃ কমলপুৰৰ কলাকুছি শিৱ মন্দিৰ প্ৰাংগণত ফিৰিঙতি NGO আঠিয়াবৈৰ উদ্যোগত আৰু কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সহযোগত বানাক্ৰান্তৰ মাজত আজি অনুষ্ঠিত কৰে বিনামূলীয়া স্বাস্থ্য শিবিৰ। প্ৰায় তিনি শতাধিক ৰোগীক চাৰিগৰাকী চিকিৎসকে স্বাস্থ্যসেৱা আগবঢ়ায়। ৰোগী সকলৰ মাজত বিনামূলীয়া ঔষধ যোগান ধৰা হয়। এই শিবিৰতে ক’ভিডৰ বুষ্টাৰ ড'জ ভেকচিন ও প্ৰদান কৰা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।